নিউজ ডেস্ক, ২৮ জুলাই : বিগত ডেৰ বছৰ ধৰি কেৰালাৰ পাথানামথিট্টাৰ কলঞ্জুৰৰ পৰা সন্ধানহীন হৈ আছিল নৌচাদ (৩৬) নামৰ এজন ব্যক্তি । পূৰ্বতে তেওঁক হত্যা কৰা বুলি আশংকা কৰা হৈছিল । আনহাতে, তেওঁৰ পত্নী আফছানাই বৃহস্পতিবাৰে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে যে তেৱেঁই স্বামীক হত্যা কৰিছিল । কিন্তু এইখিনিতে কাহিনীত আহিছে এক নতুন টুইষ্ট । আৰক্ষীয়ে এক ঘটনাক্ৰমত শুকুৰবাৰে পুৱা থোডুপুজাৰ ওচৰৰ থম্মাংকুথুৰ পৰা নৌচাদক জীৱন্তে উদ্ধাৰ কৰে ।
নৌচাদৰ সন্ধানহীন ঘটনাৰ তদন্ত কৰি থকা আৰক্ষীৰ দলটো বৃহস্পতিবাৰে সন্ধিয়ালৈকে সম্পূৰ্ণ বিভ্ৰান্তিত আছিল । তাৰ মাজতে তেওঁৰ পত্নী আফছানাই বৃহস্পতিবাৰে আৰক্ষীক দিয়া বিবৃতিত কয় যে তেওঁ ডেৰ বছৰ পূৰ্বে নিৰুদ্দিষ্ট নৌচাদক হত্যা কৰিছিল । কিন্তু যেতিয়া নৌচাদৰ পত্নী আফছানাই তেওঁৰ বক্তব্য সঘনাই সলনি কৰি আছিল তেতিয়া আৰক্ষীৰ দলটো বিভ্ৰান্ত হৈছিল ।
আনহাতে, আৰক্ষীয়ে কৰা পৰীক্ষাত কোনো গুৰুত্বপূৰ্ণ প্ৰমাণ পোৱা নোপোৱাত নৌচাদ জীয়াই থাকিব পাৰে বুলি সন্দেহ হৈছিল । তাৰ ভিত্তিতে বৃহস্পতিবাৰে আৰক্ষীয়ে পুনৰ নৌচাদৰ মৃতদেহ বিচাৰি তালাচী চলায় । কিন্তু তাত বিফল হয় । ইফালে উদ্ধাৰ হোৱাৰ পিছত নৌচাদে আৰক্ষীৰ আগত কয় যে পত্নীয়ে তেওঁৰ জীৱনৰ ক্ষতি কৰিব পাৰে বুলি ভয় খাই ডেৰ বছৰ পূৰ্বে ঘৰৰ পৰা পলাই গৈছিল । তেওঁ লগতে এইটোও কয় যে তেওঁ থোডুপুজাৰ ওচৰৰ থম্মাংকুথুত আছিল আৰু জীৱিকাৰ বাবে তাত দিন হাজিৰা কৰিছিল ।
ইয়াৰ উপৰি তেওঁ আৰক্ষীক জনায় যে তেওঁ যে সন্ধানহীন হৈ আছে আৰু আৰক্ষীয়ে তেওঁৰ অনুসন্ধান কৰি আছে সেই বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞাত আছিল । নৌচাদে দাবী কৰে যে তেওঁ কোনো মোবাইল ফোন ব্যৱহাৰ কৰা নাছিল আৰু পত্নীয়ে তেওঁক হত্যা কৰা বুলি কৰা দাবীৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ আছিল । বিগত ডেৰ বছৰ ধৰি নৌচাদে তেওঁৰ আত্মীয়সকলৰ সৈতে যোগাযোগ কৰা নাছিল । আনহাতে, থম্মানকুন্নুৰ স্থানীয় লোকে আৰক্ষীক জনায় যে নৌচাদ জীয়াই আছে আৰু তেওঁলোকৰ ওচৰত আছে ।
তাৰ পিছত আৰক্ষীয়ে উক্ত স্থানলৈ গৈ তেওঁক উদ্ধাৰ কৰে । থোডুপুঝা আৰক্ষীয়ে নৌচাদক ডিৱাইএছপি কাৰ্যালয়লৈ লৈ যায় । ইফালে কুদালৰ এটা আৰক্ষীৰ দল নিৰুদ্দেশ গোচৰটোৰ পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে থোডুপুজাত উপস্থিত হৈছিলগৈ । আনহাতে, আফচানাই স্বীকাৰোক্তি দিছিল যে তেওঁ বন্ধু নাচিৰৰ সহযোগত নৌচাদৰ মৃতদেহটো এখন সামগ্ৰী কঢ়িওৱা অটোত লৈ গৈছিল ।
আনহাতে, নৌচাদৰ পিতৃ আশ্ৰফৰ অভিযোগ অনুসৰি কুদাল আৰক্ষীয়ে সন্ধানহীন ঘটনাটোৰ তদন্ত কৰি আছিল । তেওঁৰ পিতৃৰ মতে, নৌচাদ ২০২১ চনৰ ১ নৱেম্বৰৰ পৰা সন্ধানহীন আছিল । ইফালে কুদালৰ এছ আই শ্বেমিমলে লাভ কৰা তথ্যৰ ভিত্তিত নৌচাদৰ পত্নী আফছানাক বৃহস্পতিবাৰে থানালৈ মাতি আনে আৰু তেওঁৰ বিবৃতি লিপিবদ্ধ কৰে । ইয়াৰ পূৰ্বৰ বিবৃতিত আফছানাই কৈছিল যে তিনিদিন পূৰ্বে তেওঁ আদুৰত নৌচাদক দেখিছিল ।
জেৰাৰ সময়ত তেওঁ স্ববিৰোধী কথা কৈছিল আৰু দাবী কৰিছিল যে তেওঁ নৌচাদক হত্যা কৰি সমাধিস্থ কৰিছিল । পিছত কনি ডিৱাইএছপিয়েও মহিলাগৰাকীক জেৰা কৰিছিল । ইয়াৰ উপৰি মৃতদেহ লুকুৱাই থোৱা বুলি কোৱা সকলো স্থানলৈ মহিলাগৰাকীক লৈ গৈছিল । কিন্তু মৃতদেহ বিচাৰি পোৱা নাছিল । আনকি তেওঁলোকে পাকঘৰকে ধৰি দুটা কোঠাও খান্দিছিল, য'ত আফছানাই মৃতদেহটো সমাধিস্থ কৰা বুলি কৈছিল ।
ঘৰৰ পিছফালৰ চোতালত আৱৰ্জনা পেলোৱা গাঁতটোও পৰীক্ষা কৰা হৈছিল । তাৰ মাজতে নৌচাদৰ তেজৰ দাগ থকা শ্বাৰ্টৰ কিছু অংশ চোতালত জ্বলি থকা অৱস্থাত পোৱা গৈছিল । আফছানাৰ বিবৃতি অনুসৰি, তেওঁলোক আদুৰ পাৰুথিপাৰাৰ এটা ভাড়াঘৰত তিনি মাহ একেলগে আছিল । নৌচাদে নিয়মীয়াকৈ সুৰাপান কৰিছিল আৰু তেওঁক প্ৰহাৰ কৰিছিল ।
তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৭৭, ১৮২ (আৰক্ষীক বিপথে পৰিচালিত কৰা), ২০১ (প্ৰমাণ ধ্বংস) আৰু ২৯৭ (ধৰ্মীয় অনুভূতিক আঘাত কৰিবলৈ কবৰত অনধিকাৰ প্ৰৱেশ কৰা, মৃতদেহ কলুষিত কৰা আৰু অশালীন আচৰণ কৰা)ৰ অভিযোগ আৰোপ কৰা হৈছিল ।
আৰক্ষীয়ে বৰ্তমান কাৰাগাৰত থকা আফছানাক জিম্মাত ল'ব আৰু লাই ডিটেক্টৰ পৰীক্ষাকে ধৰি বৈজ্ঞানিক তদন্ত কৰিব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে আফছানাই আৰক্ষীক এটা বিবৃতি দিছিল যে তেওঁ নৌচাদক হত্যা কৰি সমাধিস্থ কৰিছিল । কিন্তু প্ৰমাণৰ অভাৱৰ বাবে তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হোৱা নাছিল । এতিয়া নিৰুদ্দেশ ঘটনাটোৰ নতুন মোৰৰ পিছত, আৰক্ষীয়ে তেওঁ কিয় মিছা কৈছিল আৰু হত্যাৰ কথা স্বীকাৰ কৰিছিল সেয়াও অনুসন্ধান কৰিব ।
লগতে পঢ়ক :Ludhiana Gas leak: লুধিয়ানাত পুনৰ গেছ নিৰ্গমনক লৈ আতংক !