ETV Bharat / bharat

ত্ৰিপুৰাৰ নতুন ৰাজ্যপালৰ শপত গ্ৰহণ - বিপ্লৱ কুমাৰ দেৱ

ত্ৰিপুৰাৰ ১৯ তম ৰাজ্যপাল হিচাপে শপত লয় সত্যদেৱ নাৰায়ণ আৰ্যই । ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (Chief Justice of Tripura High Court) এ এ কুৰেশ্বীয়ে ৰাজ্যপালগৰাকীক শপত বাক্য পাঠ কৰায় ।

governor
ত্ৰিপুৰাৰ নতুন ৰাজ্যপালৰ শপত গ্ৰহণ
author img

By

Published : Jul 15, 2021, 1:03 PM IST

আগৰতলা, ১৫ জুলাই : শপত ল'লে ত্ৰিপুৰাৰ নতুন ৰাজ্যপালে (Tripura new Governor) । বৃহস্পতিবাৰে ত্ৰিপুৰাৰ ১৯ তম ৰাজ্যপাল হিচাপে শপত লয় সত্যদেৱ নাৰায়ণ আৰ্যই । ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (Chief Justice of Tripura High Court) এ এ কুৰেশীয়ে ৰাজ্যপাল গৰাকীক শপত বাক্য পাঠ কৰায় ।

ইয়াৰ পূৰ্বে ত্ৰিপুৰাৰ ৰাজ্যপাল আছিল ৰমেশ বাইছ (Ramesh Bais) । ৰমেশ বাইছক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আঠখন ৰাজ্যৰ ৰাজ্যপালৰ নতুন তালিকা ঘোষণা কৰিছিল ৷ তাৰপাছতে সত্যদেৱ নাৰায়ণ আৰ্যই (Satyadev Narayan Arya) যোৱা ১২ জুলাইত ত্ৰিপুৰাত উপস্থিত হৈছিল ।

ত্ৰিপুৰাত উপস্থিত হোৱাৰ লগে লগে বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বত ত্ৰিপুৰা কেবিনেটে নতুন ৰাজ্যপালগৰাকীক উষ্ম আদৰণি জনায় । ইফালে এঘণ্টা ধৰি চলা শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যখনৰ বহু শীৰ্ষ বিষয়া তথা মন্ত্ৰীসকল উপস্থিত থাকে । ইয়াৰ পাছতে নতুন ৰাজ্যপালগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । ইফালে সত্যদেৱ নাৰায়ণ আৰ্য ইয়াৰ পূৰ্বে হাৰিয়ানাৰ ৰাজ্যপাল আছিল ।

বিহাৰৰ এগৰাকী প্ৰবীণ বিজেপি নেতা সত্যদেৱ নাৰায়ণ আৰ্য বিহাৰ চৰকাৰৰ এসময়ৰ মন্ত্ৰী আছিল । উল্লেখ্য যে, ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (Ramnath Kovind) নতুনকৈ নিযুক্তি দিয়া দেশৰ আঠখন ৰাজ্যৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰাম আৰু ত্ৰিপুৰাই নতুন ৰাজ্যপাল লাভ কৰিছে । এই দুই ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটক, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, গোৱা, ঝাৰখণ্ড আৰু হাৰিয়ানাত নতুন ৰাজ্যপাল নিযুক্তি দিছে । হৰি বাবু কামভাম্পতিক মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ।

আনহাতে কৰ্ণাটকৰ ৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে ছ’চিয়েল জাষ্টিচ এণ্ড এম্পাৱাৰমেন্ট বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী থাৱাৰ চন্দ গেহলটক । হাৰিয়ানাৰ নতুন ৰাজ্যপাল হ’ল বান্দাৰু দত্তত্ৰেয়া । ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক হিমাচল প্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে দায়িত্ব দিয়া হৈছে । মধ্যপ্ৰদেশত নতুন ৰাজ্যপাল হ’ল মংগুভাই চগনভাই আৰু গোৱাত নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে পিএছ শ্ৰীধৰণ পিল্লাইক ।

লগতে পঢ়ক : আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু TIPRA মথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.