ETV Bharat / bharat

কৃত্ৰিম বানত ডুবিল বেংগালুৰু চহৰ - Bengaluru IT professionals take tractor rides

বেংগালুৰুৰ তথ্য প্ৰযুক্তি কোম্পানীবোৰত কৰ্মৰত কৰ্মচাৰীসকলে ল'লে এক নতুন অভিজ্ঞতা । কৃত্ৰিম বানৰ বাবে ট্ৰেক্টৰত উঠি কাৰ্যালয়লৈ গ'ল কৰ্মচাৰীসকল (Bengaluru IT professionals take tractor rides)। বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় লোকৰ । ক্ষতিপূৰণ প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ ।

Bengaluru
কৃত্ৰিম বানত ডুবিল বেংগালুৰু চহৰ
author img

By

Published : Sep 6, 2022, 12:02 PM IST

নেশ্যনেল ডেস্ক,৬ ছেপ্টেম্বৰ : দেশৰ তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ বেংগালুৰু চহৰত ধাৰাষাৰ বৰষুণ (Heavy rain in Bengaluru)। বৰষুণৰ বাবে চহৰৰ বহু স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে (Artificial flood in Bengaluru)। আনকি তথ্য প্ৰযুক্তিৰ বহু কোম্পানীৰ কৰ্মচাৰীয়ে কাৰ্যালয়লৈ যাবলৈ ট্ৰেক্টৰৰ সহায় ল'বলগীয়া হৈছে ।

উল্লেখ্য যে ধাৰাষাৰ বৰষুণৰ পাছতে বেংগালুৰু চহৰৰ বহু স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । বাট-পথত সাগৰ সদৃশ পৰিৱেশ । যাৰ ফলত বেংগালুৰুৰ কেইবাটাও স্থানত যান-জঁটকে ধৰি সাধাৰণ মানুহৰ জন-জীৱন ব্যাহত হৈ পৰিছে । ইফালে কৃত্ৰিম বানৰ বাবে ৰাজপথত যান-বাহন চলোৱা কঠিন হৈ পৰিছে ।

জানিব পৰা মতে HAL বিমানবন্দৰৰ সমীপৰ য়েমালুৰ অঞ্চল সম্পূৰ্ণৰূপে পানীত ডুব গৈছে । ইয়াৰ ফলত আটাইতকৈ বেছি প্ৰভাৱান্বিত হৈছে তথ্য প্ৰযুক্তি কোম্পানীবোৰত কৰ্মৰত কৰ্মচাৰীসকল । কোম্পানীবোৰলৈ যোৱা ৰাজপথত একাঠু পৰ্যন্ত পানী । যাৰ বাবে কৰ্মচাৰীসকলে ট্ৰেক্টৰৰ সহায় লোৱা দেখা গৈছে ।

আন আন বাহন চলোৱাৰ কোনো পৰিৱেশে নাই । সেয়ে সেই পথত ট্ৰেক্টৰ চলিছে আৰু পুৰুষ-মহিলা সকলো কৰ্মচাৰীয়ে ট্ৰেক্টৰত উঠি কাৰ্যালয়লৈ গৈছে । এই দৃশ্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বহুতে কৈছে এয়া তেওঁলোকৰ বাবে এয়া এক নতুন অভিজ্ঞতা । ইয়াৰ পাছতে কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে বহু কৰ্মচাৰীয়ে ক্ষোভ প্ৰকাশ কৰাও দেখা গৈছে ।

একাংশ লোকে অভিযোগ কৰা মতে তেওঁলোকে একোখন ট্ৰেক্টৰৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছে । আনকি ট্ৰেক্টৰৰ চালকে এবাৰত তেওঁলোকৰ পৰা ৫০ টকাকৈ লোৱা বুলিও অভিযোগ কৰিছে কৰ্মচাৰীসকলে । কৃত্ৰিম বানৰ ফলত হোৱা লোকচানৰ ক্ষতিপূৰণ বিচাৰি বহুতে আকৌ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্তও কৰিছে ।

ইফালে দেশৰ তথ্য প্ৰযুক্তিৰ প্ৰাণকেন্দ্ৰ বেংগালুৰু চহৰত কৰ্মচাৰীৰ দুৰ্দশা দেখি উদ্বিগ্ন হৈছে একাংশ লোকে । জানিব পৰা মতে কৃত্ৰিম বানৰ ফলত তথ্য প্ৰযুক্তি কোম্পানীবোৰৰ প্ৰায় ২২৫ কোটি টকাৰ লোকচান হৈছে । অৱশ্যে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্বাইয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে লোকচানৰ সন্মুখীন হোৱা তথ্য প্ৰযুক্তিৰ কোম্পানীবোৰৰ ক্ষতিপূৰণৰ বাবে ইতিমধ্যে চৰকাৰে আলোচনা কৰিছে । বৰষুণ আৰু কৃত্ৰিম বানৰ ফলত ক্ষতিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কোম্পানীবোৰৰ সৈতে কথা পাতিব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে ।

উল্লেখ্য যে চহৰখনত কৃত্ৰিম বানৰ সমস্যা আজিৰ নহয় (Bengaluru floods)। স্থানীয় বাসিন্দাই অভিযোগ কৰা মতে এজাক বৰষুণ দিলেই এনে পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হয় । ৰাজপথটো দূৰৰে কথা ঘৰ, দোকান আদিৰ ভিতৰতো একাঠু পৰ্যন্ত পানী সোমাই । বহু লোকে অভিযোগ কৰা মতে প্ৰশাসনে নলা-নৰ্দমা সঠিকভাৱে নিষ্কাষণ নকৰাৰ ফলতে এই কৃত্ৰিম বানৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজ ।

ইয়াৰ পূৰ্বে জুলাই মাহতো কৰ্ণাটকত বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীৰ ফলত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল । যাৰ বাবে আনকি মুখ্যমন্ত্ৰী বোম্মাই কেন্দ্ৰৰ পৰা আৰ্থিক সাহায্যও বিচাৰিব লগা হৈছিল ।

লগতে পঢ়ক :ৰাষ্ট্ৰপতি ভৱনত শ্বেখ হাছিনাক উষ্ম আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.