ETV Bharat / bharat

Project Cheetah : প্ৰকল্প চিতাৰ ওপৰত কেন্দ্ৰীয় বন মন্ত্ৰীৰ বিশেষ গুৰুত্ব

author img

By

Published : May 26, 2023, 5:07 PM IST

কোনোপধ্যে প্ৰকল্প চিতা বিফল হ'ব দিব নোৱাৰি । যাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে । ২৯ মে'ত এই সন্দৰ্ভত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব কেন্দ্ৰীয় মন্ত্ৰীয়ে (Bhupendra Yadav to meet MP CM on Cheetah Project)। ইতিমধ্যে বন বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে ভূপেন্দ্ৰ যাদৱ ।

Project Cheetah
প্ৰকল্প চিতাৰ ওপৰত কেন্দ্ৰীয় বন মন্ত্ৰীৰ বিশেষ গুৰুত্ব

নেশ্যনেল ডেস্ক,২৬ মে': শেহতীয়াকৈ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ চিতাৰ মৃত্যুৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Cheetah death in Kuno National Park)। দেশৰ বিভিন্ন বিৰোধী দলে চৰকাৰক এই সন্দৰ্ভত সমালোচনা কৰা দেখা গৈছে । ইয়াৰ মাজতে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ২৯ মে'ত বিশেষ বৈঠকৰ আহ্বান জনাইছে ।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে শেওপুৰ জিলাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ ব্যৱস্থা আৰু ত্ৰুটিসমূহৰ বুজ ল'বলৈ এই বৈঠকৰ আহ্বান জনাইছে । ইয়াৰ পূৰ্বে শিৱৰাজ সিং চৌহানে শুকুৰবাৰে বন বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈছে (Forest department Meeting on Project Cheetah)।

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই 'প্ৰকল্প চিতা' নিৰীক্ষণৰ বাবে গ্লোবেল টাইগাৰ ফ'ৰামৰ সাধাৰণ সম্পাদক ড০ ৰাজেশ গোপালৰ নেতৃত্বত এখন ১১ জনীয়া চিতা প্ৰকল্প পৰিচালনা সমিতি গঠন কৰিছে (New committee formed to supervise Cheetah Project)। পৰামৰ্শ প্ৰদান কৰিবলৈ বিদেশী চিতা বিশেষজ্ঞৰ এটা পেনেলো গঠন কৰা হৈছে (Project Cheetah)। এই পৰিচালনা সমিতিক চিতা পুনৰ্সংস্থাপন সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত সিদ্ধান্ত লোৱাৰ দায়িত্ব দিয়া হৈছে ।

উল্লেখ্য যে নামিবিয়াৰ পৰা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনাৰ পাছতে যোৱা দুমাহত তিনিটাকৈ চিতাৰ মৃত্যুৰ লগে লগে মুঠ মৃত্যুৰ সংখ্যা ৬ টালৈ বৃদ্ধি পাইছে । যাৰ বাবে এই পদক্ষেপ লোৱা হৈছে । যোৱা এসপ্তাহত, নামিবিয়াৰ ৪ টা চিতা পোৱালীৰ ভিতৰত তিনিটাৰে মৃত্যু হৈছে (3 Cheetah death in Kuno National Park)। অনুসন্ধানত প্ৰকাশ পাইছে যে পুষ্টিহীনতা আৰু ডিহাইড্ৰেচনৰ ফলত চিতা কেইটাৰ মৃত্যু হৈছে । বৰ্তমান, কুনো ৰাষ্ট্ৰীয় উদ্যানত এটা পোৱালীসহ ১৮ টা চিতা আছে ।

বিষয়াসকলে কোৱা মতে পোৱালীবোৰে প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰিলে যাৰ বাবে মৃত্যুক আঁকোৱালি ল'লে । যদি চিতা আৰু পোৱালীৰ সঘনাই হোৱা মৃত্যু প্ৰতিৰোধ কৰা নহয় তেন্তে 'প্ৰকল্প চিতা' সাৰ্থক নহ'ব । কেন্দ্ৰীয় মন্ত্ৰী যাদৱে মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়টো আলোচনা কৰিবলৈ ২৯ মে'ত ভূপালত উপস্থিত হ'ব । নতুন কৈ গঠন কৰা সমিতিখনে 'প্ৰকল্প চিতা'ক আগুৱাই নিব । যোৱা বছৰ, এনটিচিএ-য়ে নামিবিয়াৰ পৰা অনা চিতাৰ স্বাস্থ্য নিৰীক্ষণ কৰিবলৈ এটা টাস্ক ফ'ৰ্চ গঠন কৰিছিল ।

লগতে পঢ়ক :Cheetah Dies At Kuno: এটা মাহত কুনো ৰাষ্ট্ৰীয় উদ্যানত দুটা চিতাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.