ETV Bharat / bharat

Nepal plane crash: সন্ধানহীন যাত্ৰীক বিচাৰি নেপালত অব্যাহত উদ্ধাৰ অভিযান

author img

By

Published : Jan 18, 2023, 3:07 PM IST

নেপালৰ বিমান দুৰ্ঘটনাত নিখোজ হৈ থকা এগৰাকী যাত্ৰীৰ সন্ধানত আজি পৰ্যন্ত অব্যাহত আছে উদ্ধাৰ অভিযান(Search continues for last missing person) ৷ মঙলবাৰলৈ 71 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰৰ পিছতে ইয়াৰে 48 গৰাকী লোকৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষা কৰিবলৈ কাঠমাণ্ডুলৈ প্ৰেৰণ কৰা হৈছে ৷

Nepal plane crash: Search continues for last missing person
সন্ধানহীন যাত্ৰীৰ সন্ধানত নেপালত অব্যাহত উদ্ধাৰ অভিযান

নেশ্যনেল ডেস্ক, 18 জানুৱাৰী: নেপাল বিমান দুৰ্ঘটনাৰ তিনিদিন অতিক্ৰম কৰাৰ পিছতো সন্ধানহীন যাত্ৰীৰ সন্ধানত নেপালত অব্যাহত আছে উদ্ধাৰ অভিযান (Nepal plane crash) ৷ এতিয়ালৈ এই দুৰ্ঘটনাত মৃত্যু হোৱা 71 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে (deadliest airplane accident in Nepal) ৷ এতিয়াও লোকগৰাকীক উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে উদ্ধাৰকাৰী দলে (Search continues for last missing person) ৷ অৱশ্য এতিয়ালৈ লোকগৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ আশা ক্ষীণ বুলি উদ্ধাৰকাৰী দলে জানিবলৈ দিয়ে ৷

যোৱা ১৫ জানুৱাৰীত পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰাণৱেত দুৰ্ঘটনাগ্ৰস্ত হয় য়েটি এয়াৰলাইনৰ এ টি আৰ - ৭২ বিমানখন। এই দুৰ্ঘটনাত বিমানখনত থকা 72 গৰাকী আৰোহীৰ মৃত্যু হয়(Nepal plane crash that killed 72)।

এই ভয়ংকৰ দুৰ্ঘটনাৰ বিষয়ে গৌৰৱ গুৰুং নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে দিয়া বিৱৰণী অনুসৰি বিমানখন অৱতৰণ কৰিবলৈ লওতেই বিমানখন বতাহত অনিয়ন্ত্ৰিতভাৱে উৰি থকা পৰিলক্ষিত কৰিছিল ৷ বিমানখনে প্ৰথমে বাওঁফালে পৰি পাহাৰত খুন্দা মাৰে ।

ইফালে বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি পুৱা 10.50 বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে শেষবাৰৰ বাবে ছেটি খাদৰ সমীপৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল (aircraft crashed at Pokhara Airport) ৷ তাৰ পিছতেই স্থানীয় লোক আৰু উদ্ধাৰকাৰী দলৰ তৎপৰতাত বিমানখনৰ পৰা লোকসকলৰ মৃতদেহসমূহ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে ৷

মৃতদেহ বিচাৰি উলিওৱাত সহায় কৰিবলৈ চেটি নদীৰ সমীপৰ দুৰ্ঘটনাস্থলীলৈ যোৱা স্থানীয় বাসিন্দা বিষ্ণু তিৱাৰীয়ে ধোঁৱা আৰু অগ্নিকাণ্ডৰ বাবে উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে । তেওঁ কয়, “দুৰ্ঘটনাস্থলী জুয়ে আৱৰি থকাৰ বাবে আমি ধ্বংসাৱশেষৰ ওচৰলৈ যাব পৰা নাছিলো । এজন মানুহে সহায় বিচাৰি কান্দি থকা শুনিছিলো, কিন্তু জুইৰ শিখা আৰু ধোঁৱাৰ বাবে আমি তেওঁক সহায় কৰিব নোৱাৰিলোঁ ।’’

বিমানখনত দুৰ্ঘটনাৰ সময় ৫৩ জন নেপালী যাত্ৰী আৰু ৫ জন ভাৰতীয়সহ ১৫ জন বিদেশী নাগৰিক আৰু চাৰিজন ক্ৰু মেম্বাৰ ইয়েতি এয়াৰলাইনছৰ বিমানখনত আছিল । ইতিমধ্যে উদ্ধাৰকাৰী দলে 48 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰি নেপাল সেনাৰ হেলিকপ্টাৰযোগে মহাৰাজগঞ্জস্থিত ত্ৰিভুৱন বিশ্ববিদ্যালয় শিক্ষণ চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে আনিছে ৷ কাঠমাণ্ডু আৰক্ষী ৰেঞ্জৰ আৰক্ষী অধীক্ষক দিনেশ মাইনালীয়ে কয় যে মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতহে সংশ্লিষ্ট পৰিয়ালক হস্তান্তৰ কৰা হ'ব ৷ ফৰেনচিক বিশেষজ্ঞসকলে বৰ্তমান মৃতকৰ মৰণোত্তৰ পৰীক্ষা অব্যাহত ৰাখিছে ৷ আমি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছত মৃতকৰ নশ্বৰ দেহ সংশ্লিষ্ট পৰিয়ালৰ সদস্যসকলক হস্তান্তৰ কৰিম বুলি তেওঁ উল্লেখ কৰে ৷

ইফালে এই বিমান দুৰ্ঘটনা অধ্যয়নৰ বাবে মঙলবাৰে ফ্ৰান্সৰ বিশেষজ্ঞৰ এটা দল নেপালত উপস্থিত হৈছেহি । এটিআৰ বিমান নিৰ্মাণ কৰা কোম্পানীটোৰ এটা 9 জনীয়া বিশেষজ্ঞ দল পোখৰাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই জনোৱা মতে, দুৰ্ঘটনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

শোকাৱহ ঘটনাটোৰ তদন্তৰ বাবে পাঁচজনীয়া এখন কমিটী গঠন কৰা হৈছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে কেবিনেটৰ জৰুৰী বৈঠক অনুষ্ঠিত হয় । দেশৰ প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাটোক লৈ দুখ প্ৰকাশ কৰি গৃহ মন্ত্ৰালয়, নিৰাপত্তাৰক্ষী আৰু সকলো চৰকাৰী সংস্থাক শীঘ্ৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ নিৰ্দেশ দিয়ে।

স্মৰ্তব্য যে চীনৰ সহায়ত নিৰ্মিত পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো দুসপ্তাহ পূৰ্বে উদ্বোধন কৰিছিল নেপালৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ডই (Nepal Prime Minister Pushpa Kamal Dahal Prachanda)।

লগতে পঢ়ক: Aircraft crashed in Nepal: 72 গৰাকী আৰোহীসহ জাহ গ’ল এখন বিমান; প্ৰত্যক্ষদৰ্শীয়ে দিলে শিহৰণকাৰী বৰ্ণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.