ETV Bharat / bharat

নগা আলোচনা প্ৰসংগত কেন্দ্ৰক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী আৰু নেফিউ ৰিঅ'ই

author img

By

Published : Oct 9, 2021, 2:25 PM IST

নগা আলোচনা সন্দৰ্ভত কেন্দ্ৰৰ সৈতে আলোচনাত মিলিত হ'ব নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই(Nagaland chief minister Neiphiu Rio) আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ নগা ৰাজনৈতিক সমস্যাৰ(Naga political issue) আগতীয়া নিষ্পত্তিৰ প্ৰচেষ্টাৰ সন্দৰ্ভত সম্প্ৰতি দিল্লীত শিবিৰ পাতি থকা কেন্দ্ৰীয় নেতা তথা নগা ৰাজনৈতিক গোটসমূহৰ(Naga Political Groups) সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী দুগৰাকী ৷

neiphu rio and himanta biswa sarma to meet centre over naga talks
অসমৰ মুখ্যমন্ত্ৰী আৰু নেফিউ ৰিঅ'

নিউজ ডেস্ক , 9 অক্টোবৰ : নগা ৰাজনৈতিক সমস্যাৰ(Naga political issue) আগতীয়া নিষ্পত্তিৰ প্ৰচেষ্টাৰ সন্দৰ্ভত সম্প্ৰতি দিল্লীত শিবিৰ পাতি থকা কেন্দ্ৰীয় নেতা তথা নগা ৰাজনৈতিক গোটসমূহৰ(Naga Political Groups) সৈতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই(Nagaland chief minister Neiphiu Rio) শীঘ্ৰে বৈঠকত ভাগ লোৱাৰ সম্ভাৱনা আছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, বোকাজানৰ পৰা ডিমাপুৰত উপস্থিত হ'বলগীয়া মন্ত্ৰী D. Chauhanৰ সৈতে এক চমু বৈঠকৰ পাচতে শনিবাৰে ৰিঅ' দিল্লীলৈ ৰাওনা হ'ব ৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এনপিজি আৰু কেন্দ্ৰীয় নেতাসকলৰ সৈতে এখন preparatory meetingৰ বাবে ৰিঅ'ক যোগদান কৰাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি, ato kilonser ৰ নেতৃত্বত NSCN (I-M)ৰ শীৰ্ষ নেতাসকলৰ লগতে N. Kitovi Zhimomi নেতৃত্বত WC/NNPGs এ কেন্দ্ৰৰ প্ৰতিনিধি AK Mishra ৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ৷ মিশ্ৰৰ সৈতে আলোচনাৰ অন্তত Niki Sumi নেতৃত্বাধীন NSCN (K)ৰ সদস্যসকল ইতিমধ্যে ডিমাপুৰলৈ উভটি আহিছে বুলি জানিব পৰা গৈছে ৷

আলোচনাৰ বিষয়টো পুনৰ সঠিক দিশে আগবঢ়াৰ পৰিপ্ৰেক্ষিতত অতি শীঘ্ৰে কিবা এটা ফলাফল ওলাব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ চূড়ান্ত চুক্তিৰ বাবে নাগালেণ্ডত বিৰাজ কৰা তাৎক্ষণিকতাৰ লগতে NPG ৰ সৈতে বাৰ্তালাপত অসমৰ মুখ্যমন্ত্ৰীগৰাকীও জড়িত হৈ পৰাত সমগ্ৰ বিষয়টোত এক নতুন মাত্ৰা যোগ হৈছে ৷ NSCN (I-M) আৰু তেতিয়াৰ মধ্যস্থতাকাৰী RN Ravi ৰ মাজত হোৱা আলোচনাৰ পিছত NSCN (I-M) ৰ নেতাসকলক শান্তি প্ৰক্ৰিয়াৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ সৈমান কৰোৱাৰ উদ্দেশ্যে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে আলোচনা প্ৰক্ৰিয়াত জড়িত হৈ পৰিছিল ৷

উল্লেখ্য যে, চুক্তিখনত নগা পতাকা আৰু সংবিধান অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত ৰবিৰ সৈতে মতভেদৰ বাবে NSCN(I-M)য়ে ৰবিৰ সৈতে মতভেদৰ বাবে অধিক সম্পৰ্ক বৰ্জন কৰিছিল ৷

লগতে পঢ়ক : নাগৰিক হত্যাক লৈ প্ৰাণৰ সংশয়ত ভুগিছে কাশ্মিৰী পণ্ডিতসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.