ETV Bharat / bharat

আজি অনুষ্ঠিত হ'ব এনইইটি-ইউজি (NEET-UG) পৰীক্ষা - ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা

দেওবাৰে অনুষ্ঠিত হ'ব এনইইটি-ইউজি (NEET-UG) পৰীক্ষা ৷ দেশ আৰু বিদেশৰ ২০২ খন চহৰত অৱস্থিত বিভিন্ন কেন্দ্ৰত দুপৰীয়া ২ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত অনুষ্ঠিত হ'ব এনইইটি-ইউজি (NEET-UG) পৰীক্ষা ৷ দেওবাৰে 2 বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই পৰীক্ষাৰ বাবে মুঠ 16.1 লাখ শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে ৷

neet ug exam
আজি অনুষ্ঠিত হ'ব এনইইটি-ইউজি (NEET-UG) পৰীক্ষা
author img

By

Published : Sep 12, 2021, 1:27 PM IST

নেশ্যনেল ডেস্ক, 12 ছেপ্তেম্বৰ : দেশজুৰি পৰীক্ষা স্থগিত ৰখাৰ বাবে জনোৱা দাবীৰ পাচত আজি অনুষ্ঠিত হ'ব এনইইটি-ইউজি (NEET-UG) পৰীক্ষা ৷ স্নাতক চিকিৎসা পাঠ্যক্ৰমৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ 202 খন চহৰত অৱস্থিত বিভিন্ন কেন্দ্ৰত 12 ছেপ্তেম্বৰত আবেলি 2 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা(NEET 2021) ৷ দেওবাৰে 2 বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই পৰীক্ষাৰ বাবে মুঠ 16.1 লাখ শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে ৷

অন্তিম reporting time ৰ দুঘণ্টা পূৰ্বে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাকেন্দ্ৰত উপস্থিত হ'ব লাগিব বুলি জানিব পৰা গৈছে ৷ ছাত্ৰ-ছাত্ৰীসকলে NTA ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিট কাৰ্ডৰ এটা মুদ্ৰিত প্ৰতিলিপি, আবেদন প্ৰ-পত্ৰৰ দৰে দুখন পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ, যিকোনো পৰিচয় পত্ৰ, প্ৰয়োজন হ'লে পিডব্লিউবিডি প্ৰমাণপত্ৰ(PwBD certificate) আদি প্ৰদৰ্শন কৰিব লাগিব ৷

লগতে পঢ়ক : NEET-UG পৰীক্ষা সন্দৰ্ভত চৰকাৰক কিয় সমালোচনা কৰিলে শচী থাৰুৰে ?

উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা(National Testing Agency)ই কোভিড সম্পৰ্কীয় নিৰ্দেশনাও জাৰি কৰিছে । সেই অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক N95 মাস্ক প্ৰদান কৰা হ'ব ৷ ইয়াৰ লগতে তেওঁলোকক লগত হেণ্ড চেনিটাইজাৰ অনাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷ অৱশ্যে পাঠ্য সামগ্ৰী, কাগজৰ টুকুৰা, জ্যামিতি, পেঞ্চিলৰ দৰে যিকোনো বস্তু আৰু ইলেক্ট্ৰনিক পেন, স্কেনাৰ আদি পৰীক্ষা কেন্দ্ৰলৈ নিব নোৱাৰিব ৷

ইয়াৰ লগতে ম'বাইল ফোন, ব্লুটুথ, ইয়াৰফোনৰ দৰে সামগ্ৰীসমূহো পৰীক্ষাকেন্দ্ৰলৈ নিয়াৰ বাবে অনুমতি নাই ৷ ৱালেট, গগলচ, হেণ্ডবেগ, বেল্ট, কেপ, ঘড়ী, ব্ৰেচলেট, কেমেৰা, অলংকাৰ বা অন্যান্য ধাতৱ সামগ্ৰীৰ লগতে খোলা বা পেক কৰা খাদ্য সামগ্ৰীৰ দৰে অন্যান্য সামগ্ৰী আদি নিয়াৰ বাবেও কোনো অনুমতি দিয়া নাই ৷

লগতে পঢ়ক : 12 ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব NEET-UG পৰীক্ষা

MBBS, BDS, BAMS, BSMS, BUMS, BHMS ৰ লগতে ভাৰতৰ অনুমোদিত আৰু স্বীকৃত Medical,Dental ,AYUSH আৰু অন্য়ান্য মহাবিদ্যাালয়, Deemed Universities বা প্ৰতিষ্ঠানত স্নাতক চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছে ৷ উল্লেখ্য যে, প্ৰশ্নকাকতখনত দুটা শাখা থাকিব আৰু প্ৰতিটো শাখাত ৩৫ আৰু ১৫ টা প্ৰশ্ন থাকিব । তিনি ঘণ্টাৰ পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলক বলপইণ্ট পেন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

ইংৰাজী, হিন্দী, অসমীয়া, বঙালী, গুজৰাটী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল, তেলেগু আৰু উৰ্দুকে ধৰি 13 টা ভাষাত এই পৰীক্ষা অনুষ্ঠিত হ'ব ৷ প্ৰাপ্ত তথ্য অনুসৰি, পৰীক্ষাৰ বাবে ৯ লাখতকৈও অধিক মহিলা প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছে আৰু সৰ্বাধিক পুৰুষ আৰু মহিলা প্ৰাৰ্থীৰ অনুপাত থকা ৰাজ্যসমূহৰ তালিকাত শীৰ্ষত আছে কেৰালা ।

ক'ভিড-19 ৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলে পৰীক্ষা স্থগিত ৰখাৰ বাবে জনোৱা দাবীৰ পিছত দেশজুৰি এই চিকিৎসা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি) আইন, 2019 ৰ ধাৰা 14 আৰু Graduate Medical Education Regulations (GMER) 1997 অনুসৰি এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে ৷

লগতে পঢ়ক : 1 অক্টোবৰৰ পৰা আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.