স্প'ৰ্টছ ডেস্ক, ২৩ মে' : টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ভাৰতীয় এথলিট নীৰজ চোপ্ৰাই পুনৰবাৰ দেশক গৌৰৱান্বিত কৰিলে (Javelin Thrower Neeraj Chopra) । সোমবাৰে বিশ্ব এথলেটিক্স সংস্থাই জেভেলিন থ্ৰ'ৰ ৰেংকিং প্ৰকাশ কৰে (World Athletics Mens Javelin Throw Rankings) । এই ৰেংকিঙত নীৰজ চোপ্ৰাই শীৰ্ষস্থান লাভ কৰিছে । উল্লেখ্য যে নীৰজে নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে জেভলিন থ্ৰ' ৰেংকিঙত বিশ্বৰ এক নম্বৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে (Neeraj Chopra in World 1st ranking) । নীৰজ চোপ্ৰাই ১৪৫৫ পইণ্টেৰে গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছক চেৰ পেলাই শীৰ্ষস্থান দখল কৰে । আনহাতে, পিটাৰ্ছ নীৰজতকৈ ২২ পইণ্ট পিছপৰি ৰয় । ইয়াৰ পূৰ্বে ২০২২ চনৰ ৩০ আগষ্টৰ পৰা তেওঁ ২ নম্বৰ স্থানত আছিল । কিন্তু চলিত সপ্তাহত তেওঁ বৰ্তমানৰ বিশ্ব চেম্পিয়ন পিটাৰ্ছক অতিক্ৰম কৰে (Neeraj Chopra world Javelin Throw Ranking) ।
-
🇮🇳's Golden Boy is now the World's No. 1⃣ 🥳
— SAI Media (@Media_SAI) May 22, 2023 " class="align-text-top noRightClick twitterSection" data="
Olympian @Neeraj_chopra1 attains the career-high rank to become World's No. 1⃣ in Men's Javelin Throw event 🥳
Many congratulations Neeraj! Keep making 🇮🇳 proud 🥳 pic.twitter.com/oSW9Sxz5oP
">🇮🇳's Golden Boy is now the World's No. 1⃣ 🥳
— SAI Media (@Media_SAI) May 22, 2023
Olympian @Neeraj_chopra1 attains the career-high rank to become World's No. 1⃣ in Men's Javelin Throw event 🥳
Many congratulations Neeraj! Keep making 🇮🇳 proud 🥳 pic.twitter.com/oSW9Sxz5oP🇮🇳's Golden Boy is now the World's No. 1⃣ 🥳
— SAI Media (@Media_SAI) May 22, 2023
Olympian @Neeraj_chopra1 attains the career-high rank to become World's No. 1⃣ in Men's Javelin Throw event 🥳
Many congratulations Neeraj! Keep making 🇮🇳 proud 🥳 pic.twitter.com/oSW9Sxz5oP
আনহাতে, টকিঅ' অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা চেক গণৰাজ্যৰ জেকব ভাডলেজচে ১৪১৬ পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে । ২৫ বছৰীয়া নীৰজ চোপ্ৰাই যোৱা বছৰ ৩০ আগষ্টত বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত হৈছিল । কিন্তু তেতিয়াৰে পৰা পিটাৰ্ছক পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাছিল । ইয়াৰ লগতে জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ১৩৮৫ পইণ্টেৰে চতুৰ্থ আৰু পাকিস্তানৰ আৰ্শাদ নাদিমে ১৩০৬ পইণ্টেৰে পঞ্চম স্থানত আছে । উল্লেখ্য যে ৰেংকিঙত ১ নম্বৰ স্থান দখলৰ পিছত নীৰজ চোপ্ৰাৰ উৎসাহ আৰু মনোবল বৃদ্ধি পাব আৰু তাৰ প্ৰতিফলন তেওঁৰ প্ৰদৰ্শনত পৰিব বুলি আশা কৰা হৈছে (Olympic champion Neeraj Chopra) ।
উল্লেখ্য, নীৰজ চোপ্ৰাই ৪ জুনত নেডাৰলেণ্ডত অনুষ্ঠিত হ'বলগীয়া এফবিকে গেমছ, ২০২৩-ত প্ৰতিদ্বন্দ্বিতা কৰিব । তেওঁ ১৩ জুনত ফিনলেণ্ডৰ তুৰ্কুত অনুষ্ঠিত পাভো নুৰ্মি গেমছ, ২০২৩-ত অংশগ্ৰহণৰ কথাও নিশ্চিত কৰিছে । হাৰিয়ানাৰ এইগৰাকী ২৫ বছৰীয়া ক্ৰীড়াবিদে ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা উৎকৃষ্ট প্ৰদৰ্শনৰ ভিত্তিত ৰেংকিঙৰ শীৰ্ষত উপনীত হৈছে । উক্ত সময়ছোৱাত নীৰজ চোপ্ৰাই জুৰিখত অনুষ্ঠিত ডায়মণ্ড লীগ, 2022 জয় কৰে । উল্লেখ্য যে অতি সন্মানীয় ডায়মণ্ড লীগ ট্ৰফী জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হৈছে নীৰজ চোপ্ৰা । অৱশ্যে জুৰিখত জয়লাভ কৰাৰ পিছত আঘাতৰ বাবে তেওঁ খেলপথাৰৰ পৰা বাহিৰ থাকিবলগা হয় ।
-
Many congratulations to @Neeraj_chopra1 on attaining the World Number 1 Rank in Men’s Javelin throw category.
— Mallikarjun Kharge (@kharge) May 23, 2023 " class="align-text-top noRightClick twitterSection" data="
Every Indian is proud of your extraordinary achievement !
Your hard work and never give up attitude has earned this feat.
Best wishes for future endeavours. pic.twitter.com/eBfgmqLYIH
">Many congratulations to @Neeraj_chopra1 on attaining the World Number 1 Rank in Men’s Javelin throw category.
— Mallikarjun Kharge (@kharge) May 23, 2023
Every Indian is proud of your extraordinary achievement !
Your hard work and never give up attitude has earned this feat.
Best wishes for future endeavours. pic.twitter.com/eBfgmqLYIHMany congratulations to @Neeraj_chopra1 on attaining the World Number 1 Rank in Men’s Javelin throw category.
— Mallikarjun Kharge (@kharge) May 23, 2023
Every Indian is proud of your extraordinary achievement !
Your hard work and never give up attitude has earned this feat.
Best wishes for future endeavours. pic.twitter.com/eBfgmqLYIH
পুৰুষৰ জেভলিন থ্ৰ'ত ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখ গঢ়া চোপ্ৰাই চলিত বৰ্ষৰ ৫ মে'ত ছিজনটোৰ প্ৰথমখন টুৰ্ণামেণ্ট ডোহা ডায়মণ্ড লীগত প্ৰত্যাৱৰ্তন কৰে । প্ৰত্যাৱৰ্তনতে তেওঁ ৮৮.৬৭ মিটাৰ থ্ৰ'ৰে প্ৰথম স্থান লাভ কৰে । আনহাতে, ডোহাৰ এই প্ৰতিযোগিতাত এণ্ডাৰছন পিটাৰ্ছে ৮৫.৮৮ মিটাৰ দলিয়াই তৃতীয় স্থান লাভ কৰে । ইফালে নীৰজ চোপ্ৰাৰ ৰেংকিঙৰ শীৰ্ষস্থানলৈ এই উত্থান অহা বছৰ অনুষ্ঠিত হ'বলগীয়া পেৰিছ অলিম্পিকৰ পূৰ্বে এক সুন্দৰ লক্ষণ হিচাপে বিবেচিত হৈছে । ইয়াৰ উপৰি এই ৰেংকিঙত ২০ নম্বৰ স্থানৰ ভিতৰত স্থান লাভ কৰিছে আন দুগৰাকী ভাৰতীয়ই । বিশ্বৰ ১৫ নম্বৰ স্থানত ৰোহিত যাদৱ আৰু ১৭ নম্বৰ স্থান দখল কৰিছে ডিপি মনুৱে । আনহাতে, পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজত ভাৰতৰ অবিনাশ চেবল শীৰ্ষ ২০-ৰ ভিতৰত আছে । মৰক্কোৰ ছৌফিয়ান এল বাক্কালি ১২৮৬ পইণ্টেৰে ৰেংকিঙত ১৪ নম্বৰ স্থানত আছে ।
বিশ্ব এথলেটিকছৰ জেভলিন থ্ৰ'ৰ শেহতীয়া ৰেংকিং তালিকা
নীৰজ ডোপ্ৰা | ভাৰত | ১৪৫৫ পইণ্ট |
এণ্ডাৰচন পিটাৰ্ছ | গ্ৰেনাডা | ১৪৩৩ পইণ্ট |
জেকব বডলেজচ | চেক গণৰাজ্য | ১৪১৬ পইণ্ট |
জুলিয়ান বেবাৰ | জাৰ্মানী | ১৩৮৫ পইণ্ট |
আৰ্শাদ নাদিম | পাকিস্তান | ১৩০৬ পইণ্ট |
লগতে পঢ়ক :PM Modi in Australia : অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি