ETV Bharat / bharat

NCP splits like Shiv Sena : অজিত পাৱাৰ বাহিনীয়ে আগন্তুক নিৰ্বাচনত এনচিপিৰ হৈয়ে প্ৰতিদ্বন্দিতা কৰিব

author img

By

Published : Jul 2, 2023, 5:25 PM IST

বিভাজন হ'ব নেকি এনচিপি দলৰ ? শিৱসেনাৰ দৰেই দুটা ভাগত বিভক্ত হ'ব নেকি এনচিপিৰ নেতাসকল ? শপত গ্ৰহণৰ পাচত ইতিমধ্যে বিভাজনৰ ইংগিত দিছে অজিত পাৱাৰে ।

NCP splits like Shiv Sena
অজিত পাৱাৰ বাহিনীয়ে আগন্তুক নিৰ্বাচনত এনচিপিৰ হৈয়ে প্ৰতিদ্বন্দিতা কৰিব

নেশ্যনেল ডেস্ক,২ জুলাই : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে দেওবাৰে শপত গ্ৰহণ কৰে অজিত পাৱাৰে । এনচিপিৰ প্ৰাক্তন নেতাগৰাকীয়ে শপত লোৱাৰ পাচতে এনচিপিৰ বিভাজনৰ ইংগিত দিছে । তেওঁ কয় যে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) বেছিভাগ বিধায়কে একনাথ সিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰত যোগদান কৰাৰ সিদ্ধান্তত সন্তুষ্ট হৈছে । অজিত পাৱাৰৰ মতে কেইবাগৰাকী লোকে এতিয়া কিছু সমালোচনা কৰিব । কিন্তু তেওঁলোকে ইয়াক গুৰুত্ব নিদিয়ে আৰু মহাৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে কাম কৰি যাবলৈ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ।

শপত গ্ৰহণ অনুষ্ঠানৰ পাচতে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে অজিত পাৱাৰে । ইফালে অজিত পাৱাৰ বাহিনীত থকা এনচিপিৰ কাৰ্যকৰী সভাপতি প্ৰফুল পেটেল আৰু এনচিপিৰ জ্যেষ্ঠ নেতা ছগন ভুজবলো অনুষ্ঠানটোত উপস্থিত থাকে ।

অজিত পাৱাৰৰ মতে বেছিভাগ বিধায়কে সন্তুষ্ট হৈছে । পাৱাৰৰ মতে এনচিপি দলে চৰকাৰক সমৰ্থন কৰিছে । অজিত পাৱাৰৰ মতে এনচিপিৰ নামতে তেওঁলোকে সকলো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । আজি মহাৰাষ্ট্ৰ চৰকাৰক সমৰ্থন কৰাৰ লগতে মন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিছে । পাচত দপ্তৰসমূহৰ ওপৰত আলোচনা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো দিশ বিবেচনা কৰি উন্নয়নক সমৰ্থন কৰা উচিত বুলি ভাবিয়ে এই সিদ্ধান্ত লোৱা হৈছে বুলি অজিত পাৱাৰে উল্লেখ কৰে ।

অজিত পাৱাৰে দাবী কৰা মতে সকলো বিধায়ক তেওঁৰ সৈতে আছে । শিৱসেনাৰ একনাথ সিন্দেৰ সৈতে তেওঁলোকে এটা পাৰ্টি হিচাবে যোগদান কৰিছে বুলিও তেওঁ উল্লেখ কৰে । আনহাতে সকলো জ্যেষ্ঠকো অৱগত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁৰ মতে গণতন্ত্ৰত সংখ্যাগৰিষ্ঠলোকক গুৰুত্ব দিয়া হয় ।

তেওঁৰ মতে এনচিপি দল ২৪ বছৰ পুৰণি আৰু যুৱ নেতৃত্ব আগবাঢ়ি অহা উচিত বুলিও তেওঁ উল্লেখ কৰে । অজিত পাৱাৰৰ মতে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশখন আগবাঢ়ি গৈছে । তেওঁ আন দেশতো জনপ্ৰিয় । সকলোৱে তেওঁক সমৰ্থন কৰে আৰু তেওঁৰ নেতৃত্বক প্ৰশংসা কৰে । এনচিপিয়েও বিজেপিৰ সৈতে আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনত যুঁজ দিব বুলি তেওঁ দাবী কৰে ।

দেওবাৰে শপত লোৱা এনচিপিৰ ৮ গৰাকী বিধায়কৰ ভিতৰত অন্যতম ছগন ভুজাবালে কয় যে একাংশই কৈছে যে তেওঁলোকৰ বিৰুদ্ধে গোচৰ আছে বাবে তেওঁলোক চাপত আছে । কিন্তু বেছিভাগৰে এতিয়া গোচৰ নাই বা তদন্ত চলি আছে । ন্যায়ালয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো বলপূৰ্বক পদক্ষেপ লোৱা নাই ।

লগতে পঢ়ক :Maharashtra potboiler: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ অজিত পাৱাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.