ETV Bharat / bharat

Drugs on Cruise : আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰৰ সাক্ষী প্ৰভাকৰ চেইলৰ মৃত্যু - Aryan Khan Case

মুম্বাইৰ কৰ্ডেলিয়া ক্ৰুজ জাহাজ পাৰ্টীৰ ড্ৰাগছৰ গোচৰ(Drugs party in Cordelia Cruise ship) ৰ প্ৰধান সাক্ষী প্ৰভাকৰ চেইলৰ শুকুৰবাৰে নিশা মৃত্যু ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে প্ৰভাকৰৰ(Prabhakar Sail dies of heart attack) ।

NCB witness in Cordelia cruise drug case Prabhakar Sail dies
আৰিয়ান খান ড্ৰাগ গোচৰ সাক্ষী প্ৰভাকৰ চেইলৰ মৃত্যু
author img

By

Published : Apr 2, 2022, 9:20 AM IST

Updated : Apr 2, 2022, 12:24 PM IST

নেশ্যনেল ডেস্ক, 2 এপ্ৰিল : মুম্বাইৰ কৰ্ডেলিয়া ক্ৰুজ জাহাজ পাৰ্টীৰ গোচৰ(Drugs party in Cordelia Cruise ship) ৰ এনচিবিৰ প্ৰধান সাক্ষী প্ৰভাকৰ চেইলৰ শুকুৰবাৰে নিশা মৃত্যু ঘটে । চেম্বুৰৰ মাহুলস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে চেইলে ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে প্ৰভাকৰৰ(Prabhakar Sail dies of heart attack) । প্ৰভাকৰ চেইলৰৰ অধিবক্তা তুষাৰ খাণ্ডাৰৰে সদৰি কৰে এই কথা ৷

প্ৰভাকৰ চেইলে এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে মুম্বাই ক্ৰুজ ড্ৰাগছ গোচৰত কোটি কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ পাছত সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছিল তদন্ত । গোচৰটোৰ তদন্ত কৰি থকা এনচিবিৰ ভিজিলেন্স দলে প্ৰভাকৰ চেইলকো সোধ-পোছৰ বাবে মাতি পঠিয়াইছিল । প্ৰভাকৰ চেইল ক্ৰুজ জাহাজ গোচৰত অভিযুক্ত কিৰণ গোসাভিৰ ব্যক্তিগত দেহৰক্ষী আছিল ৷ চেইলে ক্ৰুজ পাৰ্টীৰ অভিযানৰ সময়ত কিৰণ গোসাভিৰ লগত থকাৰ দাবী কৰিছিল ।

তেওঁ কিৰণ গোসাভিয়ে চেম নামৰ এজন ব্যক্তিৰ সৈতে ফোনত প্ৰায় ২৫ কোটি টকা লেনদেনৰ কথা পতা আৰু ১৮ কোটি টকাত চুক্তি কৰাৰ কথা প্ৰকাশ কৰিছিল ৷ কিৰণ গোসাভিয়ে এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেড়েক উৎকোচ দিয়াৰ কথা কৈছিল । বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ তনয় আৰিয়ান খানৰ নামো এই হাই প্ৰফাইল গোচৰত সাঙোৰ খাইছিল ৷ যাৰ বাবে কিছুদিন কাৰাবাস খাটিবলগীয়া হৈছিল আৰিয়ানে ৷

  • Mumbai | NCB's panch witness in Cordelia cruise drug case, Prabhakar Sail died yesterday. As per his lawyer Tushar Khandare, he died of a heart attack at his residence in Mahul area of Chembur yesterday.

    (File pic of Prabhakar Sail) pic.twitter.com/CUplYNkuIh

    — ANI (@ANI) April 2, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

সমীৰ ৱাংখেড়েয়ে 2021 চনৰ 2 অক্টোবৰত মুম্বাইৰ পৰা গোৱালৈ ৰাওনা হোৱা এখন ক্ৰুজ জাহাজত অভিযান চলাইছিল । এই অভিযানৰ সময়ত তেওঁ ড্ৰাগছৰ গোচৰত জড়িত থকাৰ অভিযোগত আৰিয়ান খানকে ধৰি 9 জন লোকক গ্ৰেপ্তাৰ কৰে । এই অভিযানৰ পাছত সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হয় । তেওঁৰ বিৰুদ্ধে কোটি কোটি টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হয় । পিছত তেওঁক এনচিবিৰ পৰা অব্যাহতি দিয়া হয় ৷

লগতে পঢ়ক : Threats To PM Modi: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ভাবুকি

Last Updated : Apr 2, 2022, 12:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.