নেশ্যনেল ডেস্ক, 14 মে’ : কেৰালাত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ । এনচিবি আৰু ভাৰতীয় নৌসেনাৰ যুটীয়া অভিযানত জব্দ কৰা হয় 2500 কেজি ড্ৰাগছ । এনচিবি আৰু ভাৰতীয় নৌসেনাই যৌথভাৱে চলোৱা এই অভিযানত কেৰালাৰ পৰা উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য 12 হাজাৰ কোটি টকা (NCB and Navy seized Drugs) ।
এনচিবি আৰু ভাৰতীয় নৌসেনাই চলোৱা জেৰাত কোটি টকাৰ মেথামফেটামাইন ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, ড্ৰাগছ বিৰোধী অভিযানত এজন সন্দেহযুক্ত পাকিস্তানী নাগৰিককো আটক কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে । লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । এই ঔষধসমূহ আফগানিস্তানৰ পৰা সাগৰীয় পথেৰে কেৰালালৈ অনা হৈছিল বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে । সূত্ৰ অনুসৰি বৃহৎ পৰিমাণৰ এই ঔষধখিনি গুজৰাটত যোগান ধৰাৰ উদ্দেশ্যৰে লৈ অনা হৈছিল বুলি জানিবলৈ পোৱা গৈছে (2500 kg drugs seized in Kerala coast)।
উল্লেখ্য যে, বৃহৎ সাগৰীয় জাহাজ ‘মাতৃ জাহাজ’ৰ যোগেদি মাকৰাণ উপকূলৰ পৰা বৃহৎপৰিমাণৰ মেথামফেটামাইন কঢ়িয়াই অনাৰ তথ্য লাভ কৰাৰ পিচতে চলোৱা হয় এই অভিযান । পাকিস্তানী নাগৰিকজনৰ সৈতে জাহাজখনৰ পৰা উদ্ধাৰ হোৱা সন্দেহযুক্ত মেথামফেটামাইন ভৰ্তি 134 টা বস্তা, আন কিছুমান সামগ্ৰী মাটানচেৰী ঘাটলৈ অনা হয় আৰু নৌসেনাই এনচিবিক গতাই দিয়ে । প্ৰাথমিক পৰীক্ষাত সকলো পেকেটতে উচ্চ বিশুদ্ধতাৰ মেথামফেটামাইন আছে বুলি উল্লেখ কৰে (Anti drugs operation in India)।
উল্লেখ কৰা প্ৰয়োজন যে, 2022 চনৰ জানুৱাৰী মাহৰ পৰা এন চি বিৰ অভিযান সঞ্চালক প্ৰধান সঞ্জয় সিঙৰ তত্বাৱধানত আৰম্ভ হৈছিল এই অভিযান । নিচাযুক্ত দ্ৰব্যবিৰোধী অভিযানটোত বৰ্তমান পৰ্যন্ত প্ৰায় 3200 কেজি মেথামফেটামাইন, 500 কেজি হেৰ’ইন আৰু 529 কেজি চাৰা জব্দ কৰা হৈছে ।
ইয়াৰ পূৰ্বে 2022 চনৰ ফেব্ৰুৱাৰী মাহত এনচিবি আৰু ভাৰতীয় নৌসেনাৰ যৌথ দলে গুজৰাটৰ উপকূলৰ পৰা 529 কেজি হাছিছ, 221 কেজি মেথামফেটামাইন আৰু 13 কেজি হেৰ’ইন জব্দ কৰিছিল । এইখিনি বেলুচিস্তান আৰু আফগানিস্তানৰ পৰা অনা হৈছিল বুলি জানিবলৈ পৰা গৈছে । ইয়াৰ পিচত 2022 চনৰ অক্টোবৰ মাহত কেৰালাৰ উপকূলত চলা এক যৌথ অভিযানত ইৰাণৰ এখন নাওত আফগানিস্তানৰ পৰা অনা মুঠ 200 কেজি হেৰ’ইন জব্দ কৰা হৈছিল । অভিযানটোত 6 ইৰাণী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।
লগতে পঢ়ক : Karnataka elction 2023 : কৰ্ণাটকৰ ৰাইজে নস্যাৎ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি; বিধায়ক আব্দুল বাতিন খন্দকাৰ