নেশ্যনেল ডেস্ক, 18 জুন : নক্সাল ফ্ৰণ্টত নিৰাপত্তাৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । বিজাপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা নক্সালবাদী সহযোগীক । নক্সালবাদীজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নগদ দহ লাখ টকা । জব্দকৃত এই আটাইখিনি নোট দুহাজাৰ টকীয়া । জব্দকৃত টকাখিনি বেংকত সলনি কৰিবলৈ নিয়া অৱস্থাতে আৰক্ষীয়ে টকাসহ আটক কৰে তেওঁক ৷
গ্ৰেপ্তাৰ নক্সাল সহযোগী দীনেশ তাঁতী :
বিজাপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চন্দ্ৰকান্ত গভৰ্ণাই জনোৱা মতে, শুকুৰবাৰে বিজাপুৰৰ ট্ৰেক্টৰ শ্ব’ৰুমৰ পৰা গংগালুৰৰ দীনেশ তাঁতীক গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীয়ে জেৰাত তাঁতীয়ে বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে । প্ৰথমতে তাঁতীয়ে নিজকে এন জি অ’ৰ সদস্য বুলি পৰিচয় দিছিল । কিন্তু পৰৱৰ্তী পৰ্যায়ত তাঁতীয়ে নক্সালবাদী গোটৰ সদস্য বুলি স্বীকাৰ কৰে ৷
অভিযুক্ত তাঁতীয়ে আৰক্ষীৰ আগত কয় যে নক্সালবাদীৰ গংগালুৰ আঞ্চলিক সমিতিৰ চাৰিজন সদস্যৰ পৰা নগদ 10 লাখ টকা লৈছিল ৷ সেই সকলো নোট দুহাজাৰ টকীয়া আছিল । সেয়ে তাঁতীয়ে বেংকত 10 লাখ টকা জমা কৰিবলৈ গৈছিল ৷ আৰক্ষীয়ে অভিযুক্ত তাতীৰ পৰা এখন বেংকৰ পাছবুকো জব্দ কৰিবলৈ সক্ষম হৈছে ।
বিজাপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চন্দ্ৰকান্ত গভৰ্ণাই উল্লেখ কৰা অনুসৰি, চলিত বৰ্ষৰ 25 মে’ৰ দিনাখনো নক্সালবাদী গোটৰ এটা সদস্যক আটক কৰা হৈছিল ৷ সেই নক্সালবাদী গোটৰ সদস্যটোৰ পৰা 6 লাখ টকা জব্দ কৰা কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে । পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে ধৃত নক্সালবাদী গোটৰ সদস্যটোৰ ভাষ্যৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰে আন দুই নক্সাল সহযোগীক ৷
আনহাতে, 10 জুনত চুবুৰীয়া দান্তেৱাৰা জিলাত এক লাখ টকাৰ সৈতে তিনিগৰাকী নক্সালবাদী গোটৰ সদস্যক গ্ৰেপ্তাৰ কৰা হয় ৷ নক্সালবাদী গোটৰ সদস্যকেইজনৰ পৰা জব্দ কৰা টকাখিনিও আছিল দুহাজাৰ টকীয়াৰ নোট ৷
লগতে পঢ়ক : Ganja seized at Basistha : লালগনেশৰ পানী টেংকী ক্ৰাইম ব্ৰাঞ্চৰ অভিযান, জব্দ ৭ কেজি গাঞ্জা