ETV Bharat / bharat

সহযোগিতা নীতিৰ খচৰা প্ৰস্তুতৰ বাবে ৪৭ জনীয়া পেনেল গঠনৰ ঘোষণা অমিত শ্বাহৰ - কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় সমবায় নীতিৰ নথিৰ খচৰা প্ৰস্তুতৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সমিতি গঠনৰ ঘোষণা কৰে (Union Home and Cooperation Minister Amit Shah) ৷ এই সমিতিত অন্তৰ্ভুক্ত হ’ব দেশৰ প্ৰায় সকলো প্ৰান্তৰ ৪৭ গৰাকী সদস্য ।

National Committee to prepare national cooperative policy says Amit Shah
সহযোগিতা নীতিৰ খচৰা প্ৰস্তুতৰ বাবে ৪৭ জনীয়া পেনেল গঠনৰ ঘোষণা অমিত শ্বাহৰ
author img

By

Published : Sep 7, 2022, 11:36 AM IST

নেশ্যনেল ডেস্ক, 7 ছেপ্টেম্বৰ: কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে ৰাষ্ট্ৰীয় সহযোগিতা নীতিৰ নথিৰ খচৰা প্ৰস্তুতৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সমিতি গঠন কৰাৰ কথা ঘোষণা কৰে (Union Home and Cooperation Minister Amit Shah)। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘সহযোগিতাৰ পৰা সমৃদ্ধি’ৰ (Sahakar se smriddhi) দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ প্ৰণয়ন কৰা হৈছে এই নতুন ৰাষ্ট্ৰীয় সমবায় নীতি ।

প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সুৰেশ প্ৰভাকৰ প্ৰভুৰ অধ্যক্ষতাত দেশৰ সকলো প্ৰান্তৰ পৰা ৪৭ গৰাকী সদস্যৰে গঠিত এই ৰাষ্ট্ৰীয় পর্যায়ৰ সমিতিখন (National committee led by Suresh Prabhu) ৷ সমিতিখনত অন্তৰ্ভুক্ত আছে, ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা আৰু প্ৰাথমিক সমবায় সমিতিৰ প্ৰতিনিধি, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমবায় সমিতিৰ সচিব, পঞ্জীয়ক আৰু কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগৰ বিষয়ববীয়াসকল ৷

উল্লেখ্য যে, সমবায়সমূহৰ ওপৰত বৰ্তমানৰ ৰাষ্ট্ৰীয় নীতি, সমবায়সমূহৰ সৰ্বাংগীন উন্নয়নৰ সুবিধা প্ৰদান কৰা আৰু তেওঁলোকক প্ৰয়োজনীয় সমৰ্থন, উৎসাহ আৰু সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ২০০২ চনত প্ৰণয়ন কৰা হৈছিল এই নীতি ৷ যাতে সমবায়সমূহে স্বায়ত্ব শাসিত, আত্মনিৰ্ভৰশীল আৰু গণতান্ত্ৰিকভাৱে পৰিচালিত প্ৰতিষ্ঠান হিচাপে কাম কৰিব পাৰে আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিত উল্লেখযোগ্য অৱদান আগবঢ়াব তাৰেই উদ্দেশ্য আগত ৰাখি গঠন কৰা হৈছিল সমিতিখন (Committee to prepare national cooperative policy) ৷

সহযোগিতা মন্ত্ৰালয়ৰ এটা বিবৃতিত উল্লেখ কৰা কৰা মতে, বৰ্তমান ভাৰতত প্ৰায় ৮.৫ লাখ সমবায় সমিতি আছে যাৰ সদস্য ভিত্তি প্ৰায় ২৯ কোটি । এই সমবায়সমূহ কৃষি প্ৰক্ৰিয়াকৰণ, দুগ্ধ উৎপাদন, মীন, গৃহ নিৰ্মাণৰ দৰে বিভিন্ন কামত নিয়োজিত হৈ আছে ।

লগতে পঢ়ক: গৃহমন্ত্ৰীৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.