ETV Bharat / bharat

পৰৱৰ্তী প্ৰায় তিনিমাহৰ ভিতৰত পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব অসামৰিক বিমান খণ্ড

author img

By

Published : Jan 8, 2021, 8:06 AM IST

দেশৰ ঘৰুৱা অসামৰিক বিমান খণ্ড দুই-তিনিমাহৰ ভিতৰত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব বুলি আশা প্ৰকাশ অসামৰিক বিমান সচিব প্ৰদীপ সিং খাৰোলাৰ ৷ লগতে তেওঁ কয় যে, এতিয়াও বেয়া সময়ৰ অন্ত পৰা নাই ৷

domestic air traffic
ঘৰুৱা অসামৰিক বিমান খণ্ড

নেশ্যনেল ডেস্ক,8 জানুৱাৰী : পৰৱৰ্তী দুই-তিনিমাহৰ ভিতৰত দেশৰ ঘৰুৱা অসামৰিক বিমান খণ্ড স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ৷ বৃহস্পতিবাৰে এই মন্তব্য কৰে অসামৰিক বিমান সচিব প্ৰদীপ সিং খাৰোলাই ৷

‘‘ক’ভিডৰ পাচত অসামৰিক বিমান খণ্ড অত্যন্ত সংহত উদ্যোগ বুলি প্ৰমাণ হৈছে ৷ বেয়া সময় সমাপ্ত হৈছে বুলি নাভাবো যদিও দুই-তিনিমাহৰ ভিতৰত দেশৰ ঘৰুৱা অসামৰিক বিমান খণ্ড স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ আশা প্ৰকাশ কৰিছো’’ ৷ FICCIৰ দ্বাৰা আয়োজিত এক ৱেবিনাৰত এইদৰে মন্তব্য কৰে সচিব খাৰোলাই ৷

উল্লেখ্য যে, লকডাউনৰ বাবে 25 মাৰ্চৰ পৰা যাত্ৰীবাহী বিমান চলাচল স্থগিত ৰখা হৈছিল ৷ অৱশ্যে 25 মে’ৰ পৰা পৰ্যায়ক্ৰমে পুনৰ ঘৰুৱা বিমান সেৱা আৰম্ভ হয় ।

খাৰোলা কয় যে, এই খণ্ডৰ বাবে ৰাজ্য চৰকাৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব । ৰাজ্যত ইউনিটবোৰৰ ব্যৱস্থা কৰিব লাগিব ৷ দেশ-প্ৰান্তত এনে নিৰ্মাণে উপাদান আৰু অধিক আকৰ্ষিত কৰি তুলিব ।

অসামৰিক বিমান মন্ত্ৰণালয়ৰ যুটীয়া সচিব উশা পাধিয়ে কয় যে, ব্যৱসায় কৰাৰ সহজতা তথা পৰিৱেশ আৰু বিত্তীয় সেৱাই যাতে এৰ’স্পেছত নিৰ্মাণৰ সংখ্যা বৃদ্ধি কৰিব পাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

অসামৰিক বিমান পৰিবহণ নিৰ্দেশালয় (DGCA) ঘৰুৱা বিমান যাত্ৰীবাহী ট্ৰেফিকৰ তথ্য অনুসৰি, বিগত বৰ্ষৰ অক্টোবৰ মাহত মুঠ 52.71 লাখ যাত্ৰী সমগ্ৰ বিশ্বতে যাত্ৰা কৰিছিল ৷ আনহাতে, ছেপ্তেম্বৰ মাহত 39.43 লাখ যাত্ৰী ভাৰতত আকাশত উৰা মাৰে ৷

লগতে পঢ়ক : প্ৰতিষেধক কঢ়িয়াই নিবলৈ 8 খনকৈ শীতলিকৃত বাহন প্ৰদানৰ দাবী ত্ৰিপুৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.