ETV Bharat / bharat

Lalu Prasad Yadav Slams Modi : নৰেন্দ্ৰ মোদীৰ টেঁটু চেপিবলৈ গৈ আছোঁ; মুম্বাই বিৰোধী বৈঠকৰ পূৰ্বে লালুৰ বিস্ফোৰণ

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 6:53 PM IST

পাটনাত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি প্ৰবীণ ৰাজনীতিবিদ তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মুম্বাইত আমি নৰেন্দ্ৰ মোদীৰ টেঁটু চেপিবলৈ গৈ আছোঁ । আমি নৰেন্দ্ৰ মোদীৰ টেঁটুত ধৰি আছোঁ । তেওঁক আঁতৰাব লাগিব ।"

Lalu Prasad Yadav Slams Modi
Lalu Prasad Yadav Slams Modi

নিউজ ডেস্ক, ২৯ আগষ্ট : মুম্বাইত অনুষ্ঠিত হ'বলগা ৩১ আগষ্টৰ ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ কৰিছে ।

পাটনাত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি প্ৰবীণ ৰাজনীতিবিদ তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মুম্বাই মে নৰেন্দ্ৰ মোদী কে নাৰেটি (টেঁটু) পে চাঢ়নে জা ৰহে হে হামলোগ । নৰেন্দ্ৰ মোদী কা নাৰেটি পকড়ে হুৱে হে হম, হটানা হে ।" অর্থাৎ মুম্বাইত আমি নৰেন্দ্ৰ মোদীৰ টেঁটু চেপিবলৈ গৈ আছোঁ । আমি নৰেন্দ্ৰ মোদীৰ টেঁটুত ধৰি আছোঁ । তেওঁক আঁতৰাব লাগিব ।"

উল্লেখ্য যে ইণ্ডিয়া মিত্ৰজোঁটৰ তৃতীয়খন বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যসমূহত নিৰ্বাচনী ৰণনীতি আৰু আসন ভাগ-বতৰাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে । ইণ্ডিয়া মিত্ৰজোঁটৰ এটা নতুন ল'গ'ও মুকলি কৰাৰ সম্ভাৱনা আছে । বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট আৰু বিৰোধী ইণ্ডিয়া মিত্ৰজোঁট দুয়োটায়ে ১ ছেপ্টেম্বৰত উপকূলীয় চহৰখনত বৈঠক অনুষ্ঠিত কৰিব ।

আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ জ্যেষ্ঠ নেতা অশোক চৱনে ইংগিত দিছে যে বৈঠকৰ বাবে প্ৰায় ২৬-২৭ টা বিৰোধী মিত্ৰজোঁটৰ দল উপস্থিত থাকিব । "মুম্বাইত ৩১ আগষ্টৰ সন্ধিয়া এক অনানুষ্ঠানিক সমাবেশ আৰু ১ ছেপ্টেম্বৰত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হ'ব । এতিয়ালৈকে দুখন সভাৰ আয়োজন কৰা হৈছে । গতিকে এই তৃতীয় বৈঠকত পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হ'ব । আমি এটা উমৈহতীয়া ল'গ' তৈয়াৰ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু ইয়াক ৩১ আগষ্টত উন্মোচন কৰা হ'ব পাৰে ।" তেওঁ এএনআইক কয় ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় শিবিৰতে এতিয়া নিৰ্বাচনী প্ৰস্তুতিৰ ব্যস্ততা পৰিলক্ষিত হৈছে । এফালে তৃতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰ শাসন-ক্ষমতাত থকাৰ ৰণনীতি, আনফালে বিজেপি নেতৃত্বাধীন এনডিএক ওফৰাই শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ বাবে বিৰোধী মিত্ৰজোঁটৰ পৰিৰল্পনা । আগন্তুক বছৰৰ আৰম্ভণিতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি নিৰ্ধাৰিত হোৱাৰ লগে লগেই বিৰোধী ইণ্ডিয়া মিত্ৰজোঁট আৰু শাসনাধিষ্ঠিত এনডিএৰ মাজত প্ৰত্যক্ষ নিৰ্বাচনী যুঁজ আৰম্ভ হৈছে । তাৰ বাবেই ১ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত দুয়োটা মিত্ৰজোঁটৰ সমান্তৰাল উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Nitish Kumar PM bid : নীতিশ কুমাৰৰ 'না'ৰ মাজতো 'হা' লুকাই আছে; বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন মাঝি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.