ETV Bharat / bharat

CBI will investigate the Corbett case:জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত অবৈধ নিৰ্মাণ আৰু ৬০০০ গছ কটাৰ তদন্ত চিবিআইক অৰ্পণ - কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ পাখৰো ৰেঞ্জ

Corbett investigation to CBI: কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত অবৈধ নিৰ্মাণ আৰু ৬ হাজাৰ গছ কটাৰ গোচৰৰ তদন্ত কৰিব চিবিআইয়ে । আজি বুধবাৰে নৈনিতাল উচ্চ ন্যায়ালয়ে PIL আৰু suo motu আবেদনৰ শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত দিলে ।

CBI will investigate the Corbett case
নৈনিতাল উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত
author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:27 PM IST

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ : উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে সোমবাৰে ডেৰাডুনৰ নিবাসী অনু পন্তৰ দ্বাৰা দাখিল কৰা ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা (পিআইএল) আৰু কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত অবৈধভাৱে গছ কটাৰ বিৰুদ্ধে দুটা স্বতঃপ্ৰণোদিত স্বাৰ্থৰ আৱেদনৰ ওপৰত একেলগে শুনানি গ্ৰহণ কৰে । গোচৰটোৰ শুনানিৰ পিচত, মুখ্য ন্যায়াধীশ বিপিন সংঘী আৰু ন্যায়াধীশ আলোক কুমাৰ বাৰ্মাৰ এটা খণ্ড বিচাৰপীঠে গোচৰটোৰ তদন্ত চিবিআইক হস্তান্তৰ কৰে ।

জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত অবৈধ নিৰ্মাণৰ তদন্ত কৰিব চিবিআইয়ে :

ইয়াৰ সমান্তৰালকৈ নৈনিতাল উচ্চ ন্যায়ালয়ে ৰাজ্যৰ অন্যান্য তদন্তকাৰী সংস্থাসমূহক তদন্তত চিবিএআইৰ সৈতে সহযোগিতা কৰিবলৈ কৈছে । এই নিৰ্দেশৰ প্ৰতিলিপি অনতিপলমে সঞ্চালক চিবিআইলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে আদালতে । পূৰ্বৰ শুনানিৰ সময়ত আবেদনকাৰীৰ হৈ কোৱা হৈছিল যে এবছৰ পূৰ্বে আদালতে অবৈধভাৱে গছ কটাৰ সন্দৰ্ভত দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ মুখ্য সচিবক নিৰ্দেশ দিছিল । আবেদনকাৰীৰ মতে এই পৰ্যন্ত ছহাজাৰ গছ কটা হৈছে । এই পৰ্যন্ত ৫টা তদন্ত কৰা হৈছে । ইয়াৰ পিচতো দোষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল । গছ কটাৰ সমান্তৰালকৈ বিষয়াৰ প্ৰৰোচনাত অবৈধ নির্মাণো চলি আছে তাত ৷

ইয়াৰ পূৰ্বে, মুখ্য সচিবে তেওঁৰ শপতনামাত কৈছিল যে তেওঁ সময়ে সময়ে উচ্চ ন্যায়ালয়ক গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰিব । কিন্তু এবছৰ পাৰ হোৱাৰ পিচতো, তেওঁলোকে মাননীয় আদালতক কোনো তথ্য জনোৱা নাছিল ।

চিবিআইয়ে ৬,০০০ গছ কটা ৰ তদন্ত কৰিব :

উচ্চতম ন্যায়ালয়ে নিজৰ আদেশত স্পষ্ট কৰি দিছিল যে কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ এজোপা গছো কাটিব নোৱাৰিব নতুবা কোনো নিৰ্মাণ কাম তাত কৰিব নোৱাৰিব । কিন্তু বৰ্তমান সময়ত বন জৰীপৰ তথ্য অনুসৰি ৬০০০ৰো অধিক গছ কটা হৈছে, লগতে বহু অবৈধ নিৰ্মাণৰ কামো তাত কৰা হৈছে । যিটো দেৱভূমি উত্তৰাখণ্ডৰ বাবে নিশ্চয়কৈ ভাল কথা নহয় । বিভাগটোৰ মুৰব্বীগৰাকীয়ে গঠন কৰা যোশী সমিতিৰ তথ্য অনুসৰি বহু বিষয়াক জগৰীয়া কৰা হৈছে । কিন্তু এই শীৰ্ষ বিষয়াসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল ।

দৰাচলতে, কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ পাখৰো ৰেঞ্জৰ অবৈধ গছ কটা ঘটনা সন্দৰ্ভত পুনৰ এবাৰ আলোচনা তীব্ৰতৰ হৈছে । এই ক্ষেত্ৰত, চৰকাৰে এক সতৰ্কতা তদন্তৰ নিৰ্দেশ দিছে । ইয়াৰ উপৰিও বন আৰু পৰিৱেশ মন্ত্ৰালয়কে ধৰি এনটিচিএ আৰু এনজিটিৰ উপৰিও বন বিভাগেও তদন্ত কৰিছে আৰু আদালতত এক প্ৰতিবেদন দিছে । নৈনিতাল উচ্চ ন্যায়ালয়ত অনু পন্ত নামৰ এজন আবেদনকাৰীয়ে গোচৰটোৰ চিবিআই তদন্তৰ দাবী জনাইছিল । বিতৰ্কৰ পিচত উচ্চ ন্যায়ালয়ে গোচৰটোৰ চিবিআই তদন্তৰ নিৰ্দেশ দিছে । গোচৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এসপ্তাহ আগতে গোচৰটোত ভিজিলেন্স দলে হৰক সিং ৰাৱটৰ দুটা স্থানত তালাচী চলাইছিল । চৰকাৰী পুঁজিৰে ক্ৰয় কৰা দুটা জেনেৰেটৰ ইয়াৰ পৰা উদ্ধাৰ কৰা হৈছিল ।

এতিয়া এই বিষয়ত চিবিআইৰ তদন্তৰ নিৰ্দেশৰ পিচত ৰাজনৈতিক ক্ষেত্ৰত উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত । বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে বিৰোধী দলৰ নেতা যশপাল আৰ্য্যই যদিও অতি জোখ-মাখৰ শব্দৰে তেওঁ চিবিআইৰ ন্যায্য তদন্তৰো আশা কৰিছে । আনহাতে, কংগ্ৰেছৰ বিধায়ক প্ৰীতম সিঙে কয় যে চিবিআই আৰু ইডি সদায় বিজেপি চৰকাৰৰ হাতত পুতলা হৈ আহিছে । এইবাৰো, যিদৰে ভিজিলেন্সে হৰক সিং ৰাৱটৰ গোপন আস্তানাত অভিযান চলাইছিল, সেয়াও বিৰোধী দলৰ নেতাৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ হিচাপে লোৱা এক পদক্ষেপ আছিল ।

ৰাজনৈতিকভাৱে এই বিষয়টোয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে কাৰণ এই সমগ্ৰ বিষয়টোৰ সৈতে জড়িত হৈ শেহতীয়াকৈ ভিজিলেন্সে ৰাজ্যখনৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰক সিং ৰাৱটৰ চৌহদত অভিযান চলাইছিল । আনহাতে, ডি জি ফৰেষ্টৰ প্ৰতিবেদনেও এই গোচৰত বহু বিষয়া জড়িত থকাৰ ইংগিত দি আহিছে । বৰ্তমানৰ বনমন্ত্ৰী সুবোধ উনিয়ালে কয় যে বৰ্তমান নৈনিতাল উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত পৰীক্ষা কৰা হ’ব । ইয়াৰ পিচত প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব ।

লগতে পঢ়ক : EGI Moved to Supreme Court : মণিপুৰৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.