নেশ্যনেল ডেস্ক, ১১ এপ্ৰিল : কৰ্ণাটকৰ মহীশূৰৰ এক পুথিভঁৰালত দুৰ্বৃত্তৰ অগ্নিসংযোগ । শুকুৰবাৰে পুৱতি নিশা কোনো দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰে । পুথিভঁৰালটোৰ গৰাকী ঈশাকে যেতিয়া পুৱা আহি দেখে তেতিয়া পুথিভঁৰালটো সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় । তেওঁৰ চুবুৰীয়াৰ একাংশ দুৰ্বৃত্তই এই কাৰ্য সংঘটিত কৰাৰ অভিযোগ কৰে । পুথিভঁৰালটোৰ দায়িত্বত থকাৰ বাবে বিগত দিনে তেওঁক ভাবুকি প্ৰদান কৰি আহিছিল বুলিও কয় ।
উক্ত পুথিভঁৰালটোত কানাডাৰ কিতাপৰ উপৰিও ভাগৱত গীতা, কোৰাণ আৰু বাইবেলেৰে প্ৰায় ১১,০০০ তকৈও অধিক কিতাপ আছিল । এটা জুপুৰী ঘৰত পুথিভঁৰালটো নিৰ্মাণ কৰা হৈছিল । ঘটনাতো সংঘটিত হোৱাত ঈশাকে আৰক্ষীক অৱগত কৰাত দুৰ্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত কৰাৰ কথা পোহৰলৈ আহে । কিন্তু ঈশাকৰ পুথিভঁৰালত বিদ্যুৎ সংযোগৰ ব্যৱস্থা নাছিল বুলি ঈশাকে স্পষ্টভাৱে উল্লেখ কৰে । আৰক্ষীৰ তদন্ত সঁচা নে মিছা সেয়া সময়তহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক: 72 ঘন্টাৰ বাবে কোচবিহাৰত ৰাজনৈতিক নেতাৰ প্ৰৱেশত নিষেধাজ্ঞা