ETV Bharat / bharat

Mysterious murder case of assam : চেন্নাইত মুখত টেপ মৰা অৱস্থাত উদ্ধাৰ অসমৰ দুটি শিশু - মুখত টেপ মৰা অৱস্থাত উদ্ধাৰ অসমৰ দুটি শিশু

তামিলনাডু ৰাজ্যৰ তিৰুভাল্লুৰ জিলাত শোকাৱহ ঘটনা ৷ বিহাৰী যুৱকৰ হাতত মৃত্যু হ’ল অসমৰ দুই নাবালকৰ (Two children from Assam killed in Tamilnadu Chennai) ৷

Etv Bharat
Etv Bharat
author img

By

Published : Feb 10, 2023, 2:28 PM IST

নেশ্যনেল ডেস্ক, ১০ ফেব্ৰুৱাৰী : পুনৰ বহিঃৰাজ্যৰ পৰা ৰাজ্যলৈ আহিছে মৃত্যুৰ খবৰ ৷ বহিঃৰাজ্যত বিহাৰী যুৱকৰ হাতত প্ৰাণ ত্যাগ কৰিবলগীয়া হ’ল অসমৰ দুই নাবালকে ৷ যি খবৰ পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি বৈছে শোকৰ ছাঁ (Mysterious murder case of assam child) ৷

ঘটনাৰ স্থান তামিলনাডু ৰাজ্যৰ তিৰুভাল্লুৰ জিলাৰ ৷ জিলাখনৰ চোলাভাৰামৰ কাষতে থকা জেগন্নাথাপুৰম চত্ৰাম অঞ্চলৰ ভাৰাঘৰত বসবাস কৰি আহিছিল অসমৰ এটি পৰিয়ালে ৷ কৰ্মসূত্ৰে পৰিয়ালটোৱে দুটি সন্তানৰ সৈতে বসবাস কৰি আহিছিল উক্ত এলেকাটোত ৷ অসমৰ যুৱক জনৰ নাম দ্বাৰকা পাৰ বুলি জানিবলৈ পৰা গৈছে ৷ ব্যক্তিগত খণ্ডত কৰ্মৰত দ্বাৰকা পাৰে ইলুলিপট্টু অঞ্চলৰ এটি ভাড়াঘৰত বাস কৰি আহিছিল ৷

অসমৰ দ্বাৰকা পাৰৰ সৈতে একেলগে কৰ্মৰত আছিল বিহাৰৰ কুটুলু (২৫) নামৰ এজন যুৱকো ৷ অসমৰ দ্বাৰকা পাৰৰ ভাৰাঘৰৰ সমীপতে বাস কৰি আহিছিল বিহাৰৰ কুটুলু নামৰ যুৱকজনেও ৷ অসমৰ দ্বাৰকাৰ সৈতে একেলগে ব্যক্তিগত কোম্পানীত ঠিকাভিত্তিক কাম কৰিছিল কুটুলুৱে । কিন্তু বিধিৰ কি বিপাক! মংগলবাৰ অৰ্থাৎ ৭ ফেব্ৰুৱাৰীৰ দিনা দ্বাৰকা বাৰৰ দুই নিৰ্বোধ শিশু মৃত অৱস্থাত উদ্ধাৰ হয় বিহাৰৰ কুটুলুৰ গৃহৰ পৰা ৷ ৰহস্যজনকভাৱে মুখত টেপ লগায় থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় দুই নিস্পাপ শিশু (Two children from Assam killed in Tamilnadu Chennai) ।

আনকি ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয় দ্বাৰকা বৰৰ পত্নী চুমিতা বৰক । অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় দ্বাৰকা বৰৰ পত্নী চুমিতা বৰক । তদুপৰি, অচেতন চুমিতা বৰৰ মূৰ আৰু ডিঙিত স্পষ্ট চিন প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে ৷ ততাতৈয়াকৈ অচেতন চুমিতা বৰক চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু চিকিৎসালয়ত সূক্ষ্ম পৰ্যবেক্ষণত ৰখা হৈছে চুমিতা বৰক । মৃত শিশু দুটিৰ মৃতদেহ জব্দ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে, উক্ত দিনা কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতি আহি পত্নী-সন্তানক ঘৰত নেদেখি পত্নীলৈ ফোন কৰে দ্বাৰকাই ৷ কিন্তু ফোনটো বন্ধ অৱস্থাত থকাত দ্বাৰকাই প্ৰতিৱেশী কুটুলুৰ ঘৰলৈ যায় আৰু পত্নী-সন্তানক উক্ত অৱস্থাত উদ্ধাৰ কৰে ৷

চেংগুনৰামৰ উপ আয়ুক্ত মণিভান্ননে (Sengunram Deputy Commissioner Manivannan) ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া চলি আছে বুলি উল্লেখ কৰাৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিয়ে ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত থকা চুমিতা বৰৰ স্বামী দ্বাৰকা বৰক আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে ৷ দ্বাৰকা বৰ কৰিমগঞ্জ জিলাৰ কেকড়াগুলৰ বাসিন্দা আছিল বুলি সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক : Punishable Transfer of Kokrajhar jailer : কোকৰাঝাৰ জিলা কাৰাগাৰৰ ৱাৰ্ডেনৰ দায়িত্বত থকা এগৰাকী আৰক্ষীক শাস্তিমূলক বদলি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.