ETV Bharat / bharat

Benefits Of Pineapple: গৰমৰ দিনত আনাৰস খোৱাৰ লাভালাভৰ বিষয়ে জানি লওক - স্বাস্থ্য বাতৰি

আনাৰসৰ আছে বহু উপকাৰিতা ৷ বহু ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো ই যথেষ্ট উপকাৰী । ইয়াৰ অন্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-

Must eat pineapple during summer season, you will get these 5 benefits for health
এই ৫টা স্বাস্থ্য উপকাৰিতা পাবলৈ গৰমত দিনত আনাৰস খাওক
author img

By

Published : Apr 17, 2023, 10:36 AM IST

Updated : Apr 17, 2023, 12:15 PM IST

গ্ৰীষ্মকালত আনাৰস খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত ছডিয়াম, পটাছিয়াম, আইৰণ, প্ৰটিন আৰু ভিটামিন C প্ৰচুৰ পৰিমাণে পোৱা যায় । এয়া খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে পাচনতন্ত্ৰও সুস্থ হৈ থাকে । গ্ৰীষ্মকালত আনাৰস খালে শৰীৰ হাইড্ৰেট হৈ থাকে আৰু গ্ৰীষ্মকালত সৃষ্টি হোৱা সমস্যাবোৰ সহজে দূৰ হয় । গ্ৰীষ্মকালত আনাৰস প্ৰচুৰ পৰিমাণে পোৱা যায় । সুস্বাদু হোৱাৰ ওপৰিও ঋতুভিত্তিক ৰোগৰ পৰাও শৰীৰক ৰক্ষা কৰে । গ্ৰীষ্মকালত আনাৰস খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

হাড় শক্তিশালী কৰা

গ্ৰীষ্মকালত আনাৰস খালে হাড় মজবুত হয় আৰু শৰীৰ সুস্থ কৰি ৰাখে । ইয়াত থকা কেলচিয়ামে পেশীৰ বিষৰ পৰা উপশম দিয়ে আৰু শৰীৰক সুস্থ কৰি ৰাখে । ইয়াত থকা মেংগানিজ আৰু কেলচিয়ামে হাড়ত হোৱা বহু ৰোগ নিৰাময় কৰে (Benefits Of Pineapple)।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখক

গ্ৰীষ্মকালত আনাৰস খালে শৰীৰ সুস্থ হৈ থকাৰ লগতে হৃদযন্ত্ৰও সুস্থ হৈ থাকে । ইয়াত থকা আঁহে কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰি হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে । ইয়াৰ সেৱনে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাৰ লগতে মেদবহুলতাৰ পৰাও সকাহ দিয়ে ।

ওজন কমাবলৈ সহায়ক

যদি আপুনি দীৰ্ঘদিন ধৰি ওজন কমাবলৈ চিন্তা কৰি আহিছে তেন্তে গ্ৰীষ্মকালত আনাৰস সীমিত পৰিমাণে খাব লাগে । আনাৰস খাই ওজন কমোৱাৰ লগতে পেটৰ চৰ্বিও দ্ৰুতগতিত হ্ৰাস পাব। ই শৰীৰক হাইড্ৰেট কৰি ৰখাৰ লগতে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে । যিয়ে ওজন কমোৱাত সহায় কৰে ।

বমি ভাৱ দূৰ কৰে

গৰমৰ দিনত বমি হোৱাটো প্ৰায়ে এটা সমস্যা । এনে পৰিস্থিতিত আনাৰস খালে সকাহ দিব পাৰে । ইয়াত থকা গুণবোৰে মোচন ছিকনেছো আঁতৰাই শৰীৰটোক সুস্থ কৰি ৰাখে । এই টেঙা মিঠা ফলবিধ বমি দূৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

গ্ৰীষ্মকালত আনাৰস খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু শৰীৰ সুস্থ কৰি ৰাখে । আনাৰসত থকা ভিটামিন Cয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ঋতুভিত্তিক ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে । আনাৰস খালে শৰীৰটো দীৰ্ঘ সময়লৈকে সুস্থ হৈ থাকে (Benefits Of Eating Pineapple In Summer) । আনাৰস খালে শৰীৰত বহু উপকাৰ সাধন হয় । কিন্তু মনত ৰাখিব যে যদি আপোনাৰ কোনো ৰোগ বা এলাৰ্জীৰ সমস্যা আছে তেন্তে চিকিৎসকৰ পৰামৰ্শৰ পিচতহে ইয়াক সেৱন কৰা উচিত ।

লগতে পঢ়ক: World Hemophilia Day: বিশ্ব হিমোফিলিয়া দিৱসৰ ইতিহাস, তাৎপৰ্য তথা ইয়াৰ নিদান সম্পৰ্কে জানো আহক

Last Updated : Apr 17, 2023, 12:15 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.