নিউজ ডেস্ক,14 নৱেম্বৰ : বাৰাণসীৰ পৰম্পৰাৰ সৈতে শনিবাৰে বিশাল ভাৰত সংস্থানৰ মুছলমান সম্প্ৰদায়ৰ মহিলাসকলে প্ৰাৰ্থনা কৰাৰ লগতে ভগৱান শ্ৰীৰামৰ পূজা কৰে ৷ ভগৱান শ্ৰীকৃষ্ণক মানৱ অৱতাৰ ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্বক আতংকৰ পৰা মুক্ত কৰিবলৈ প্ৰাৰ্থনা জনায় মুছলমান মহিলাসকলে ৷ শ্ৰীৰাম মহা আৰতী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মহন্ত বালক দাস জী ৷
উল্লেখ্য যে, বিগত 14 বছৰ ধৰি বাৰাণসীৰ মুছলমান সম্প্ৰদায়ৰ মহিলাসকলে ক্ৰমান্বয়ে সাম্প্ৰদায়িক শান্তি, ভাতৃত্ববোধ আৰু ভাৰতীয় সাংস্কৃতিক একতা অটুট ৰখাৰ হেতু দিপাৱলীৰ আৰু ৰাম নৱমীৰ এই সময়ছোৱাত মহা আৰতীৰ আয়োজন কৰি আহিছে ৷
এই উৎসৱৰ সময়ত মুছলিম মহিলাসকলে ইন্দ্ৰেশ নগৰত ৰংগোলী অঁকাৰ লগতে গোটেই এলেকাটো লাইটৰ পোহৰেৰে ৰঙীণ কৰি তোলে ৷ লগতে শ্ৰীৰাম আৰতী পৰিৱেশন কৰে মুছলিম মহিলাসকলে ৷ মুছলিম মহিলাসকলৰ এই মহা আৰতী পৰিৱেশনে বিশ্বজুৰি ভাৰতীয় সাংস্কৃতিক অখণ্ডতাক প্ৰদৰ্শন কৰিছে ৷
লগতে পঢ়ক : পাকিস্তানী হিন্দুলৈ দিপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ