ETV Bharat / bharat

শ্বাহী ঈদগাহ মছজিদত জৰীপৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰীত অসন্মত সৰ্বোচ্চ ন্য়য়ালয়

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 4:50 PM IST

Krishna Janambhoomi case: মথুৰাৰ কৃষ্ণ জনমভূমি গোচৰত উচ্চতম ন্যায়ালয়ে শ্বাহী ঈদগাহ মছজিদত আদালতৰ নিৰীক্ষণত জৰীপ চলোৱাৰ নিৰ্দেশ দি এলাহাবাদ উচ্চ ন্যায়ালয়ে গৃহীত কৰা নিৰ্দেশ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে । উচ্চতম ন্যায়ালয়ে কয় যে মছজিদ পক্ষৰ কোনো অভিযোগ থাকিলে আইন অনুসৰি প্ৰত্যাহ্বান দাখিল কৰিব পাৰে ।

Muslim side in Krishna Janambhoomi case
survey of Shahi Idgah complex

নতুন দিল্লী, ১৫ ডিচেম্বৰ: শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে মথুৰাৰ কৃষ্ণ জন্মভূমি মন্দিৰৰ কাষত থকা শ্বাহী ঈদগাহ মছজিদৰ জৰীপৰ নিৰ্দেশ দি বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্য়ায়ালয়ে প্ৰদান কৰা ৰায় গৃহীত কৰাৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে ।

মছজিদ পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা হাজেফা আহমেদীয়ে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছ ভি এন ভাট্টীৰে গঠিত বিচাৰপীঠৰ সন্মুখত যুক্তি প্ৰদৰ্শন কৰে । আহমদীয়ে যুক্তি দিয়ে, ‘‘লৰ্ডশ্বিপৰ মতে বিষয়টোৰ শুনানিৰ প্ৰয়োজন আৰু আমাক লিখিত দাখিল কৰিবলৈ কয় ।’’ তেওঁ কয় যে এতিয়া উচ্চ ন্যায়ালয়ে কিছুমান আবেদন বিবেচনা কৰি আছে যাৰ সুদূৰপ্ৰসাৰী পৰিণতি দেখা যাব ।

ন্যায়াধীশ খান্নাই কয়, “এই পৰ্যায়ত আমি একো স্থগিত নাৰাখো । কিবা বিৰূপ আদেশ থাকিলে ইয়ালৈ আহিব পাৰিব...।’’

আহমদীয়ে কয় যে কালি আয়ুক্তক শ্বাহী ঈদগাহ মছজিদ পৰিদৰ্শন কৰিবলৈ যাবলৈ আৰু কমিচন নিযুক্তি দিবলৈ নিৰ্দেশ দিয়া হৈছিল ৷ এইটো ঘটি থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে এই বিষয়টো জব্দ কৰি বিচাৰ ক্ষমতা নিৰ্ণয় কৰিছে ।

ন্যায়াধীশ খান্নাই আহমদীক উচ্চ ন্যায়ালয়ক জনাবলৈ কয় যে তেওঁলোকে অহা ৯ জানুৱাৰীত বিষয়টোৰ শুনানি গ্ৰহণ কৰিব । আহমদীয়ে উত্তৰ দিয়ে যে উচ্চ ন্যায়ালয়ে শুনিব খোজা নাই । ন্যায়াধীশ খান্নাই কয় যে অনুগ্ৰহ কৰি উচ্চ ন্যায়ালয়ক জনাওক যে এই বিষয়টো অহা ৯ জানুৱাৰীত তালিকাভুক্ত হৈছে, গতিকে তেওঁলোকক আজি আদালতৰ পৰ্যবেক্ষণ জনাওক ।

ন্যায়াধীশ খান্নাই কয় যে উচ্চতম ন্যায়ালয়ৰ সন্মুখত একমাত্ৰ বিষয়টো হ’ল বিচাৰ ক্ষমতা হস্তান্তৰ আৰু সেইবাবেই এতিয়া আদালতৰ সন্মুখত বিষয়টো মেৰিটৰ ওপৰত নাই । বিচাৰপীঠে আহমদীক কয় যে যদি তেওঁ প্ৰত্যাহ্বান জনাব বিচাৰে তেন্তে আবেদন দাখিল কৰিব পাৰে ।

বিচাৰপীঠে লগতে কয়, “যদি আবেদনকাৰীৰ কোনো অভিযোগ আছে, তেন্তে আইন অনুসৰি প্ৰত্যাহ্বানৰ আবেদন দাখিল কৰাৰ বাট আবেদনকাৰীৰ বাবে মুকলি থাকিব ।”

বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি মন্দিৰৰ গাতে লাগি থকা শ্বাহী ঈদগাহ মছজিদ চৌহদৰ প্ৰাথমিক জৰীপৰ অনুমতি প্ৰদান কৰে ৷ লগতে আদালতৰ নিৰীক্ষণত তিনিজনীয়া অধিবক্তা আয়ুক্তৰ দলে এই জৰীপ তদাৰক কৰিব বুলি নিৰ্দেশ দিয়ে ।

১৮ ডিচেম্বৰত আদালতে শুনানি পুনৰ আৰম্ভ কৰাৰ পিছত জৰীপৰ পদ্ধতিৰ সিদ্ধান্ত লোৱা হ’ব । হিন্দু পক্ষক প্ৰতিনিধিত্ব কৰা এজন অধিবক্তাই কয় যে তেওঁলোকৰ আবেদন, য’ত তেওঁলোকে শ্বাহী ঈদগাহ মছজিদৰ জৰীপ এজন অধিবক্তা আয়ুক্তৰ দ্বাৰা দাবী কৰিছিল, সেই আবেদনত এলাহাবাদ উচ্চ ন্যায়ালয়ে অনুমোদন জনাইছে ।

লগতে পঢ়ক: কৃষ্ণ জন্মভূমি বিতৰ্ক: শ্বাহী ঈদগাহ মছজিদত জৰীপৰ অনুমতি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.