ETV Bharat / bharat

মুম্বাইত ড্ৰাগছ সহ এনচিবিৰ জালত সৰহবৰাহকাৰীক - গোৱাত ড্ৰাগছ সৰহবৰাহকাৰী

মুম্বাইৰ বিভিন্ন স্থানত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰহবৰাহকাৰীক আটক এনচিবিৰ ৷ মুম্বাইৰ মীৰা ৰোড অঞ্চলৰ লগতে বান্দ্ৰাত নিশা চলোৱা অভিযানত ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ মুম্বাইৰ লগতে গোৱাত ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে এনচিবিৰ তীক্ষ্ণ দৃষ্টি ৷

NCB seizes drugs, detains drug peddlers after raids
মুম্বাইত ড্ৰাগছ সহ এনচিবিয়ে আটক কৰিলে ড্ৰাগছ সৰহবৰাহকাৰীক
author img

By

Published : Jan 3, 2021, 1:57 PM IST

নেচনেল ডেস্ক, 3 জানুৱাৰী : মুম্বাইৰ বান্দ্ৰা, বৰচভা আৰু মীৰা ৰোড অঞ্চলত যোৱা নিশা এক অভিযান চলাই নাৰ্কটিক কন্ট্ৰল ব্যুৰো (এনচিবি) য়ে ড্ৰাগছ জব্দ কৰাৰ লগতে অভিযুক্ত ড্ৰাগছ সৰহবৰাহকাৰীক আটক কৰে ৷

যোৱা নিশা ড্ৰাগছসহ সৰহবৰাহকাৰী কেইজনক আটক কৰাৰ লগতে শুকুৰবাৰে এনচিবিয়ে আন্তঃৰাজ্যিক ড্ৰাগছ সৰহবৰাহকাৰী চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত তিনি গৰাকী লোকক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ জিম্মাৰ পৰা 100 গ্ৰাম মেফেড্ৰ’ন জব্দ কৰে ৷ অৱশ্যে এই ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে ৷

বিগত তিনি মাহত এনচিবিয়ে 30 নতুন গোচৰ ৰুজু কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত 92 গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ৷ জানিব পৰা মতে মুম্বাই আৰু গোৱাত ড্ৰাগছ সৰহবৰাহকাৰীৰ ওপৰত এনচিবিয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ এনচিবিৰ বিষয়াই জানিবলৈ দিয়া মতে বিগত বছৰটোত 46 টা গোচৰ ৰুজু কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: মিজোৰামত ড্ৰাগছৰ বিৰুদ্ধে অসম ৰাইফলছৰ বৃহৎ সজাগতা অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.