ETV Bharat / bharat

শচীন ৱেজৰ গোচৰঃ এন আই এৰ জিম্মা অহা ৭ এপ্ৰিললৈকে বৃদ্ধি

author img

By

Published : Apr 3, 2021, 8:43 PM IST

নিলম্বিত আৰক্ষী বিষয়া শচীন ৱেজৰ এন আই এ জিম্মা অহা ৭ এপ্ৰিললৈকে বৃদ্ধি কৰিলে মুম্বাইস্থিত এন আই এৰ বিশেষ আদালতে । উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহৰ সমীপত বিস্ফোৰক থকা এছ ইউ ভি উদ্ধাৰ আৰু ব্যৱসায়ী মনসুখ হিৰেণৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰক্ষী বিষয়াগৰাকীক ।

শচীন ৱেজৰ এন আই এ জিম্মা অহা ৭ এপ্ৰিললৈকে বৃদ্ধি কৰিলে মুম্বাইৰ আদালতে

নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল: মুকেশ আম্বানীৰ বাসগৃহৰ সমীপত বিস্ফোৰক থকা এছ ইউ ভি উদ্ধাৰ আৰু ব্যৱসায়ী মনসুখ হিৰেণৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা আৰক্ষী বিষয়া শচীন ৱেজৰ এন আই এ জিম্মা অহা ৭ এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে । মুম্বাইস্থিত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ বিশেষ আদালতে শনিবাৰে জিম্মাৰ সময় বৃদ্ধি কৰে ।

ব্যৱসায়ী মনসুখ হিৰেণৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈছিল । যোৱা ১৩ মাৰ্চত গ্ৰেপ্তাৰ হোৱা শচীন ৱেজেক তেওঁৰ আগৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ বিশেষ আদালতত হাজিৰ কৰা হৈছিল । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই আৰু ছয় দিনৰ বাবে তেওঁৰ জিম্মা বিচাৰিছিল ।

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ অধিবক্তা অতিৰিক্ত ছলিচিটৰ জেনেৰেল অনিল সিঙে কয় যে, সংস্থাটোৱে চিচি টিভি ফুটেজ আৰু লেপটপৰ ডিজিটেল ভিডিঅ' ৰেকৰ্ডিং(ডিভিআৰ) আদিৰ দৰে আপত্তিজনক প্ৰমাণ উদ্ধাৰ কৰিছিল আৰু এই প্ৰমাণবোৰ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে । আদালতে দুয়োপক্ষৰ ভাষ্য শুনাৰ পিছত শচীন ৱেজৰ জিম্মা ৭ এপ্ৰিললৈ বৃদ্ধি কৰে । যোৱা ২৫ ফেব্ৰুৱাৰীত আম্বানীৰ বাসগৃহৰ ওচৰত এখন বিস্ফোৰক থকা এছ ইউ ভি উদ্ধাৰ কৰা হৈছিল ।

এই বাহনখন ব্যৱসায়ী মনসুখ হিৰেণৰ বুলি জানিব পৰা গৈছিল । কিন্তু তেওঁ বাহনখন এসপ্তাহ পূৰ্বে চুৰি হোৱা বুলি গোচৰ ৰুজু কৰিছিল । পিছত মনসুখ হিৰেণক হত্যা কৰা হৈছিল । এই সমগ্ৰ ঘটনাৰে জড়িত থকাৰ অভিযোগতে শচীন ৱেজক গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক:সংঘই হিংসাত্মক কাৰ্য ৰূপায়নৰ শিক্ষা দিয়ে :ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.