ETV Bharat / bharat

ঘোচ হৈ হাতে লোটে গ্ৰেপ্তাৰ প্ৰথম বৰ্গৰ বিষয়া - ভৰত কাকাদে

মু্ম্বাইৰ পূৱ কান্দীৱালীত সমবায় সমিতিৰ পঞ্জীয়কৰ কাৰ্যালয়ত কৰ্মৰত প্ৰথম বৰ্গৰ বিষয়া 57 বৰ্ষীয় ভৰত কাকাদে আৰু তেখেতৰ পুত্ৰ শচীন কাকদেক আটক কৰা হৈছে ৷ এই দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে দক্ষিণ মলাডৰ ৰোলেক্স এপাৰ্টমেন্টৰ অধ্যক্ষই ৰুজু কৰা ঘোচ সংক্ৰান্তীয় অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে তেওঁলোকৰ ওপৰত অনুসন্ধান চলাইছিল ৷

as_ntl_Mumbai_ACB_arrests_class_I_officer_img
ঘোচ হৈ হাতে লোটে গ্ৰেপ্তাৰ প্ৰথম বৰ্গৰ বিষয়া
author img

By

Published : Dec 1, 2020, 12:52 PM IST

নেশ্যনেল ডেস্ক,1 ডিচেম্বৰঃ সোমবাৰে সমবায় সমিতিৰ পঞ্জীয়কৰ কাৰ্যালয়ত কৰ্মৰত এগৰাকী প্ৰথম বৰ্গৰ বিষয়াক আটক কৰে মুম্বাইৰ দুৰ্নীতি নিবাৰক শাখাই ৷ বিষয়াগৰাকী আৰু তেখেতৰ পুত্ৰৰ বিৰুদ্ধে দুখন শাৰী আৰু দুই লাখ টকাৰ নগদ ধন ঘোচ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

দুৰ্নীতি নিবাৰক শাখাই প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ আছে যে,মু্ম্বাইৰ পূৱ কান্দীৱালী অঞ্চলত সমবায় সমিতিৰ পঞ্জীয়কৰ কাৰ্যালয়ত কৰ্মৰত প্ৰথম বৰ্গৰ বিষয়া 57 বৰ্ষীয় ভৰত কাকাদে আৰু তেখেতৰ পুত্ৰ শচীন কাকাদেক আটক কৰা হৈছে ৷ এই দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে দক্ষিণ মলাডৰ ৰোলেক্স এপাৰ্টমেন্টৰ অধ্যক্ষই ৰুজু কৰা ঘোচ সংক্ৰান্তীয় অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অনুসন্ধান চলাইছিল ৷

অভিযোগত ৰোলেক্স এপাৰ্টমেন্টৰ অধ্যক্ষই ব্যক্ত কৰিছে যে,তেখেতৰ কিছু কামৰ বাবে নিজৰ হাউচিং চ’ছাইটীৰ নামত থকা ধন উলিওৱাৰ বাবে পঞ্জীয়কৰ কাৰ্যালয়ত এখন আবেদন দাখিল কৰিছিল ৷ কিন্তু কাকাদেই ইয়াৰ বাবে অনুমতি প্ৰদান কৰিবলৈ অমান্তি হয় আৰু তেখেতৰ পৰা জোৰকৈ 2 লাখ টকা আৰু দুখন শাৰীৰ দাবী কৰে ৷ ইয়াৰ পিছতেই অধ্যক্ষ আৰু চ’ছাইটিৰ সদস্যসকলে এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত এক অভিযোগ দাখিল কৰে ৷

ইয়াৰ পিছতেই দুৰ্নীতি নিবাৰক শাখাই জাল পেলাই ভৰত কাকাদেই 2 লাখ টকাৰ নগদ ধন আৰু তেখেতৰ পুত্ৰ 7,595 টকাৰ দুখন শাৰী লোৱা সময়তেই দুয়োকে হাতে লোটে ধৰা পেলাবলৈ সক্ষম হয় ৷ দুৰ্নীতি নিবাৰণ শাখাই সম্প্ৰতি দুৰ্নীতি নিবাৰক আইন 1988ৰ 7 ধৰাৰ অধীনত অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক-নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.