ETV Bharat / bharat

Muslim man donates blood at Chhatarpur: মুছলমান লোকে জীৱন ৰক্ষা কৰিলে হিন্দু শিশুৰ

author img

By

Published : Jan 1, 2023, 7:52 PM IST

মানবীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে এগৰাকী মুছলমান লোকে । মধ্যপ্ৰদেশৰ ছত্ৰপুৰ জিলাত ৰক্তহীনতাত ভুগি থকা হিন্দু লোকৰ এটি দুমহীয়া কেচুৱাক ৰক্তদান কৰি জীৱন ৰক্ষা কৰিলে এজন ইছলাম ধৰ্মাৱলম্বী লোকে (Muslim man donate blood to save life of Hindu baby) ।

Muslim man save life of ailing Hindu baby in MP
মানবীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে এগৰাকী মুছলমান লোকে

নেশ্যনেল ডেস্ক,১ জানুৱাৰী: মানবীয়তা এতিয়াও জীয়াই আছে এই পৃথিৱীত । হিন্দু-মুছলমানৰ মাজত যি সময়ত ভিন্ন ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হৈ আহিছে, ঠিক তেনে সময়তে হিন্দু-মুছলমানৰ ঐক্যতাৰ এখন ছবি দাঙি ধৰিলে মধ্যপ্ৰদেশৰ ছত্ৰপুৰ জিলাৰ এগৰাকী মুছলমান লোকে । শনিবাৰে মধ্যপ্ৰদেশৰ ছত্ৰপুৰত নামাজ এৰি আহি এজন মুছলমান ব্যক্তিয়ে এটি হিন্দু নৱজাতকৰ জীৱন ৰক্ষা কৰে(Muslim man save life of ailing Hindu baby) । দুমহীয়া কেচুৱাটো ৰক্তহীনতাত ভুগি আছিল লোহিত ৰক্ত কণিকাৰ অভাৱৰ শিশুটিৰ শাৰিৰীক অৱস্থা খুবেই জটিল হৈ পৰিছিল(Muslim man donates blood at Chhatarpur) ।

ঠিক তেনে সময়তে ৰফাত খান নামৰ লোকজনে নামাজ পঢ়িবলৈ গৈ থকাৰ সময়তে জিলা চিকিৎসালয়ৰ পৰা এটি দুমাহৰ কেঁচুৱাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু জৰুৰীভাৱে কেচুৱাটোক তেজৰ প্ৰয়োজন হৈছে বুলি ফোন আহিছিল(Muslim man donate blood to save life of Hindu baby) । এই সন্দৰ্ভত ৰফাত খানে কয় যে তেওঁ যেতিয়া সন্ধিয়াৰ নামাজ পঢ়িবলৈ গৈ আছিল, তেনেসময়তে তেওঁলৈ ফোন আহিছিল আৰু কোনোবাই তেওঁক কৈছিল যে বিকাশ গুপ্তা নামৰ এটি দুমহীয়া কেচুৱা জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । কেচুৱাটোক A+ গ্ৰুপৰ তেজৰ প্ৰয়োজন হৈছে । কাকতালীয়ভাৱে ৰফাত খানৰো ব্লাড গ্ৰুপ A+ বুলি উল্লেখ কৰে । সেয়েহে তেওঁ নামাজ এৰি শিশুটিক ৰক্তদান কৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল বুলি উল্লেখ কৰে । লগতে খানে কয় যে কাৰোবাৰ জীৱন ৰক্ষা কৰাটো ঈশ্বৰৰ পূজাতকৈ কম নহয়(Muslim man save life of ailing Hindu baby in MP) ।

ইফালে শিশুটিৰ পিতৃ জীতেন্দ্ৰ গুপ্তাই কয় য়ে, তেওঁৰ দুমহীয়া পুত্ৰ বিকাশক অসুস্থতাৰ বাবে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । দুপৰীয়া ১ বজাত চিকিৎসকসকলে মোক কৈছিল যে তেওঁৰ পুত্ৰক তেজৰ প্ৰয়োজন । জীতেন্দ্ৰ গুপ্তাক ইতিমধ্যে তেজ দিম বুলি কৈ এজন লোকে ৭৫০ টকা লৈ উধাও হৈছিল ৷

প্ৰতাৰিত হোৱাৰ পিছত, জীতেন্দ্ৰই সেই ব্যক্তিজনক বিচাৰিছিল, কিন্তু তেওঁক বিচাৰি পোৱা নাছিল । তাৰ পিছত তেওঁ ঘটনাটো এজন আত্মীয়ক অৱগত কৰাত আত্মীয়জন লগে লগে চিকিৎসালয়ত উপস্থিত হৈছিল । আত্মীয়জনে ৰফাত খানৰ বিষয়ে জানিব পাৰিছিল আৰু তেওঁ ফোন কৰিছিল । যাৰ পিছত শিশুটিৰ জীৱন ৰক্ষা হৈছিল । খান প্ৰথমবাৰৰ বাবে ৰক্তদাতা নহয়, এবছৰত কমেও ১৩ বাৰ ৰক্তদান কৰিছে ৰফাত খানে । এই মহৎ কাৰ্য্যই তেওঁক আনন্দ আৰু সন্তুষ্টি প্ৰদান কৰে বুলি তেওঁ উল্লেখ কৰে ।

লগতে জীতেন্দ্ৰই কয় যে খানে ৰক্তদান কৰাৰ পিছত এতিয়া তেওঁৰ পুত্ৰৰ অৱস্থা উন্নত হৈছে । তেওঁ এজন দেৱদূতৰ দৰে আহিছিল আৰু তেওঁৰ সন্তানক প্ৰয়োজন হোৱাৰ সময়ত হাঁহি হাঁহি ৰক্তদান কৰিছিল বুলি জীতেন্দ্ৰই উল্লেখ কৰে । জিলা চিকিৎসালয়ৰ বিশেষ নৱজাতক যত্ন গোটৰ দায়িত্বত থকা শিশু ৰোগ বিশেষজ্ঞ ডাঃ মুকেশ প্ৰজাপতিয়ে কৈছিল যে তেজ পোৱাৰ পিছত কেঁচুৱাটোৰ অৱস্থা কিছু পৰিমানে সুস্থিৰ হৈছে ।

লগতে পঢ়ক: Flashback of 2022: ২০২২ ত কি পালে মাজুলীবাসীয়ে ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.