নেশ্যনেল ডেস্ক,১ এপ্ৰিল: মধ্যপ্ৰদেশৰ মুৰেনা চহৰত কৰুণ ঘটনা । চহৰৰ সুদামা নগৰ কলনীত পুৱাই উদ্ধাৰ এটা পৰিয়ালৰ আটাইকেইজন সদস্যৰে মৃতদেহ । ঘৰৰ ভিতৰত আৰক্ষীয়ে উদ্ধাৰ কৰে পৰিয়ালটোৰ ৪ সদস্যৰ মৃতদেহ ।
সন্দেহ কৰা মতে ঘৰৰ মুৰব্বীজনে প্ৰথমে পত্নী, ১২ বছৰীয়া পুত্ৰ আৰু ১০ বছৰীয়া কন্যাক ডিঙি কাটি হত্যা কৰে আৰু তাৰ পিছতে আত্মহত্যাৰ পথ বাছি লয় লোকজনে । পুৱা যেতিয়া লোকজনে দোকান খোলাত পলম কৰিছিল তেতিয়া ওচৰ-চুবুৰীয়াই খবৰ লৈছিল ।
চিভিল লাইন থানাত খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে লোকজনৰ ঘৰত উপস্থিত হয় আৰু লোৰ জাল কাটি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে । আৰক্ষী অধীক্ষকসহ এটা আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।
লগতে পঢ়ক:পীযুষ গোৱেলৰ ক’ভিড-19 ৰ প্ৰতিষেধক গ্ৰহণ