ETV Bharat / bharat

Mahua Moitra controversy: গগৈৰ নাম লৈ বিতৰ্কত সাংসদ মহুৱা মৈত্ৰ - মিষ্টাৰ গগৈ

মুখত ‘গগৈ’ৰ নাম লৈ বিপাঙত পৰিল বংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ (Mahua Moitra Sparks controversy) ৷ মহুৱা মৈত্ৰৰ এটা টুইটক লৈ তোলপাৰ লাগিছে অসমত ৷ বিতৰ্কৰ সৃষ্টি হৈছে এই বিশেষ টুইটটোক লৈ (Mahua Moitra tweets on Unparliamentary words list) ৷

The Ahom Community
The Ahom Community
author img

By

Published : Jul 15, 2022, 3:57 PM IST

Updated : Jul 15, 2022, 4:11 PM IST

নিউজ ডেস্ক, 15 জুলাই: ‘‘কথাতেই বঁটা পায়, কথাতেই গতা খায় ৷’’ এই আপ্ত বাক্যশাৰী আখৰে আখৰে ফলিয়ালে দেশৰ এগৰাকী চৰ্চিত সাংসদৰ ক্ষেত্ৰত ৷ মুখত ‘গগৈ’ৰ নাম লৈ বিপাঙত পৰিল বংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ (Mahua Moitra Sparks controversy) ৷ মহুৱা মৈত্ৰৰ এটা টুইটক লৈ তোলপাৰ লাগিছে অসমত ৷ বিতৰ্কৰ সৃষ্টি হৈছে এই বিশেষ টুইটটোক লৈ (Mahua Moitra tweets on Unparliamentary words list) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে দেশৰ সংসদত কেতবোৰ শব্দৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰি প্ৰকাশ কৰা হৈছিল এখন অসংসদীয় শব্দৰ তালিকা (Unparliamentary words list)৷ লোকসভা আৰু ৰাজ্যসভাৰ অধিবেশন চলি থকা সময়ত বহু শব্দ প্ৰয়োগৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে লোকসভা সচিবালয়ে ৷ ইয়াৰ পাচতেই টুইটাৰযোগে এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সাংসদ মহুৱা মৈত্ৰই ৷

নিজৰ টুইটাৰ একাউন্টত মৈত্ৰই উল্লেখ কৰে, ‘‘ অসংসদীয় শব্দৰ বিকল্পৰ ক্ষেত্ৰত নতুন টুইটাৰ ছিৰিজৰ মোৰ প্ৰথমটো শব্দ ৷ নিষিদ্ধ শব্দ- যৌন নিৰ্যাতন আৰু বিকল্প শব্দ- মিষ্টাৰ গগৈ’’ ৷

  • My first of new twitter series on replacements for unparliamentary words .

    Banned word- Sexual Harassment
    Replacement- Mr. Gogoi

    — Mahua Moitra (@MahuaMoitra) July 14, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

এই টুইটৰ পাচতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত মহুৱা মৈত্ৰৰ বিৰুদ্ধে বিতৰ্কৰ সৃষ্টি হয় অসমত ৷ আহোমসকলৰ কেইবাটাও সংগঠনে এয়া আহোমক কৰা অপমান বুলি জাঙুৰ খাই উঠিছে (Mahua Moitra Mr Gogoi controversy) ৷

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া শৃংখল চলিহাই এই ক্ষেত্ৰত তীব্ৰ সমালোচনা কৰে মহুৱা মৈত্ৰক ৷ তেওঁ কয় যে, আমাৰ বাবে এয়া অতি অপমানজনক কথা ৷ গগৈ অসমৰ এটা সন্মানীয় উপাধি ৷ অসমীয়াৰ বিৰুদ্ধে এনে অপমান কোনো কাৰণতে সহ্য কৰা নহ’ব ৷ মহুৱা মৈত্ৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবেও দাবী জনায় শৃংখল চলিহাই ৷

  • Just for those sanghis twisting tweet to say I targetted all Gogois let me spell it out:

    Mister Ranjan Gogoi. Honourable MP, Rajya Sabha. https://t.co/FKJBhNOEz8

    — Mahua Moitra (@MahuaMoitra) July 15, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশ্যে পৰৱৰ্তী সময়ত মহুৱা মৈত্ৰই কয় যে, দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে থকা যৌন নিৰ্যাতনৰ এটা গোচৰৰ সৈতে শব্দটোক ৰিজাইহে তেওঁ মিষ্টাৰ গগৈ বুলি কৈছে ৷ অৰ্থাৎ মিঃ গগৈ বুলি তেওঁ প্ৰকৃততে ৰঞ্জন গগৈকহে বুজাব বিচাৰিছিল ৷

লগতে পঢ়ক: UNPARLIAMENTARY WORDS : অসংসদীয় শব্দৰ তালিকাত ‘অযোগ্য’, ‘দুর্নীতিগ্রস্ত’, ‘স্বৈৰাচাৰী’, ‘শকুনি’ৰ দৰে শব্দৰ স্থান !

Last Updated : Jul 15, 2022, 4:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.