ETV Bharat / bharat

MP Assembly Election 2023 : মধ্য প্ৰদেশত বিজেপিৰ নিৰ্বাচনী ৰেলী, কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰীৰ

মধ্য প্ৰদেশৰ কেইবাটাও স্থানত প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । বেতুলত ৰাইজৰ সন্মুখত কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ ।

MP Assembly Election 2023
মধ্য প্ৰদেশত বিজেপিৰ নিৰ্বাচনী ৰেলী
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 3:10 PM IST

মধ্য প্ৰদেশত বিজেপিৰ নিৰ্বাচনী ৰেলী

নেশ্যনেল ডেস্ক,১৪ নৱেম্বৰ : মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচন যিমানে চমু চাপি আহিছে প্ৰচাৰবোৰো আকৰ্ষণীয় হৈ পৰিছে । ৰাজনৈতিক দলবোৰে নিজৰ নিজৰ শক্তি প্ৰয়োগ কৰাত ব্যস্ত হৈ পৰিছে । তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে মধ্য প্ৰদেশৰ বেতুলত ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰচাৰৰ অংশ হিচাপে এক নিৰ্বাচনী জনসভা সম্বোধন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কংগ্ৰেছক লক্ষ্য কৰি লয় আৰু বিজেপি চৰকাৰৰ সাফল্যৰ তালিকাও প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কংগ্ৰেছক আক্ৰমণ কৰি কয় যে ১৭ নৱেম্বৰ ওচৰ চাপি অহাৰ লগে লগে কংগ্ৰেছ নেতাসকলৰ মুখাবোৰ খোল খাবলৈ আৰম্ভ কৰিছে । প্ৰধানমন্ত্ৰীৰ মতে মধ্য প্ৰদেশৰ সকলো প্ৰান্তৰ পৰা খবৰ আহিছে যে কংগ্ৰেছে ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে আৰু সকলো ভাগ্যৰ ওপৰত এৰি দিছে । একে সময়তে কংগ্ৰেছে স্বীকাৰ কৰিছে যে মোদীৰ গ্যেৰাণ্টিৰ সন্মুখত কংগ্ৰেছৰ মিছা প্ৰতিশ্ৰুতি এক মুহূৰ্তৰ বাবেও থাকিব নোৱাৰে । প্ৰধানমন্ত্ৰী মোদীৰ মতে তেওঁৰ গ্যেৰাণ্টিৰ অৰ্থ হৈছে ইয়াক সম্পূৰ্ণ কৰাৰ নিশ্চয়তা ।

প্ৰধানমন্ত্ৰীৰ মতে কংগ্ৰেছৰ হাতখনে কেৱল লুণ্ঠন কেনেদৰে কৰিব লাগে জানে । কংগ্ৰেছ য'তে আহে কেৱল ধ্বংস আনে । মধ্য প্ৰদেশ ধ্বংস নহ'বলৈ বিজেপি চৰকাৰক আনিব লাগিব বুলিও প্ৰধানমন্ত্ৰীয়ে দাবী কৰে । তেওঁৰ মতে এই নিৰ্বাচনটো হৈছে কংগ্ৰেছৰ দুৰ্নীতি আৰু লুণ্ঠনক মধ্য প্ৰদেশৰ কোষাগাৰ স্পৰ্শ কৰাটো বন্ধ কৰা । প্ৰধানমন্ত্ৰীৰ মতে চুৰি আৰু লুণ্ঠন কেনেদৰে কৰিব লাগে সেয়া কংগ্ৰেছে ভালদৰে জানে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে শ্বাজাপুৰ, ঝাবুৱা আৰু ইন্দোৰত তিনিখন ৰেলী সম্বোধন কৰিব । তাৰ ভিতৰত বেতুলো অন্যতম নিৰ্বাচনী প্ৰচাৰৰ স্থান । অহা ১৭ নৱেম্বৰত মধ্য প্ৰদেশত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সম্প্ৰতি প্ৰচাৰ অভিযান অন্তিম পৰ্যায়ত আছে । ১৫ নৱেম্বৰত প্ৰচাৰ অভিযানৰ সামৰণি পৰিব ।

লগতে পঢ়ক :MP election 2023 : মধ্য প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.