নেশ্যনেল ডেস্ক, 9 অক্টোবৰ : সোমবাৰে দেশৰ নিৰ্বাচন আয়োগে মধ্যপ্ৰদেশকে ধৰি 5 খন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে ৷ ইফালে বিজেপিয়ে মধ্যপ্ৰদেশত প্ৰাৰ্থীৰ চতুৰ্থখন তালিকা প্ৰকাশ কৰিছে ৷ বিজেপিয়ে ৫৭ জন প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে ৷ এই তালিকাত বহুতো ডাঙৰ ডাঙৰ নেতাৰ নাম অন্তৰ্ভুক্ত হৈছে ৷ চতুৰ্থ তালিকাত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বুধনাৰ পৰা টিকট লাভ কৰিছে ৷ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰক দাতিয়াৰ পৰা টিকট প্ৰদান হৈছে ৷ বিজেপিয়ে এতিয়ালৈকে ১৩৬ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷
![MP Assembly Election 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-10-2023/19722706_mpe.jpg)
প্ৰবীণ নেতাৰ ওপৰত বিজেপিৰ বাজি-
বিজেপিৰ চতুৰ্থ তালিকাত সকলো প্ৰবীণ নেতাক টিকট দিয়া হৈছে ৷ য’ত বহুতো ডাঙৰ ডাঙৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷ প্ৰথমে বুধনাৰ পৰা মুখ্যমন্ত্ৰী শিৱৰাজক টিকট প্ৰদান হয়, আনহাতে গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই দতিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ইয়াৰ উপৰিও দলৰ জ্যেষ্ঠ তথা শক্তিশালী নেতা গোপাল ভাৰ্গৱক ৰাহলীৰ পৰা, বিশ্বাস সাৰঙক নাৰেলাৰ পৰা আৰু ভূপেন্দ্ৰ সিঙক খুৰাই আসনৰ পৰা টিকট দিয়া হৈছে ।
![MP Assembly Election 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-10-2023/19722706_mpw.jpg)
আতেৰৰ পৰা অৰবিন্দ সিং ভাদৌৰিয়া, গোৱালিয়াৰৰ পৰা প্ৰদ্যুম্ন সিং টোমৰ, সুৰখীৰ পৰা সিন্ধিয়া সমৰ্থক গোবিন্দ সিং ৰাজপুত, সাগৰৰ পৰা শৈলেন্দ্ৰ জৈন, খৰ্গপুৰৰ পৰা উমা ভাৰতীৰ ভতিজা ৰাহুল সিং লোধি আৰু দেৱতালাবৰ পৰা গিৰিশ গৌতমে টিকট লাভ কৰিছে ৷
![MP Assembly Election 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-10-2023/19722706_mp.jpg)
কৃষ্ণা গৌড়ৰ লগতে ৰামেশ্বৰ শৰ্মায়ো পালে টিকট-
ৰেৱাৰ পৰা ৰাজেন্দ্ৰ শুক্লা আৰু অনুপপুৰৰ পৰা বিছাহুলাল সিং, বিজয়ৰঘৱগড়ৰ পৰা সঞ্জয় পাঠক, পাটনৰ পৰা অজন বিষ্ণোই, হৰদাৰ পৰা কমল পেটেল, সাঁচিৰ পৰা প্ৰভুৰাম পেটেল, ছিলৱানীৰ পৰা ৰামপাল সিং আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বোৱাৰী আইন কৃষ্ণা গৌৰে ভূপালৰ গোবিন্দপুৰৰ পৰা টিকট লাভ কৰিছে ৷ তুলসী ৰাও চিলাৱটক চেভেৰৰ পৰা, বিজয় শ্বাহক হৰছুদৰ পৰা আৰু ৰামেশ্বৰ শৰ্মাক হুজুৰ আসনৰ পৰা প্ৰাৰ্থী হিচাপে টিকট প্ৰদান কৰা হৈছে ৷
![MP Assembly Election 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-10-2023/19722706_nnn.jpg)
বিজেপিয়ে প্ৰকাশ কৰিলে চাৰিখন তালিকা-
উল্লেখ্য যে বিজেপিয়ে ইতিমধ্যে তিনিখন তালিকা প্ৰকাশ কৰিছে ৷ প্ৰথমখন তালিকাত ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল দলটোৱে ৷ আনহাতে দ্বিতীয় তালিকাতো ৩৯ জন প্ৰাৰ্থীক টিকট দিয়া হৈছিল ৷ দলৰ দ্বিতীয়খন তালিকাত তিনিজন কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি ৭ জন সাংসদক টিকট প্ৰদান কৰি নিৰ্বাচনী পথাৰত থিয় কৰাইছে দলটোৱে ৷
![MP Assembly Election 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-10-2023/19722706_eee.jpg)
এই সন্দৰ্ভত ৰাজনৈতিক উত্তাপৰ সৃষ্টি হৈছে ৷ আনহাতে বিজেপিয়ে মাত্ৰ এজন প্ৰাৰ্থীৰ নাম লৈ তৃতীয়খন তালিকা প্ৰকাশ কৰিছিল ৷ য’ত দলটোৱে ছিণ্ডৱাৰাৰ অমৰৱাদাৰ পৰা মনিকা শ্বাহ বট্টিক টিকট দিছে ৷
লগতে পঢ়ক : Assembly Elections 2023: মিজোৰামকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা