নিউজ ডেস্ক, 18 এপ্ৰিল : হিমাচল প্ৰদেশৰ কন্যা পৰ্বতাৰোহী বলজিৎ কৌৰৰ মৃত্যু ৷ নেপালৰ অন্নপূৰ্ণা শৃংগ জয় কৰাৰ পিচত অক্সিজেনৰ অভাৱ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ হিমাচল প্ৰদেশৰ সোলান জিলাৰ মামলিগ অঞ্চলৰ বাসিন্দা বলজিৎ কৌৰ আছিল ভাৰতৰ প্ৰথম কন্যা; যিয়ে কম সময়ৰ ভিতৰতে ডাঙৰ অভিলেখ গঢ়িছিল ৷ অন্নপূৰ্ণা শৃংগ স্কেলিং কৰি কেম্প 4 লৈ উভতি আহিছিল বলজিৎ কৌৰ ৷ সেই সময়তে এই দুখজনক ঘটনাতো সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে (Baljit Kaur died while climbing Annapurna Everest) ৷
সোলনৰ বিধায়ক তথা হিমাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী ধনীৰাম শণ্ডিলে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই কথা নিশ্চিত কৰিছে ৷ তেওঁ কয় যে তেওঁৰ সমষ্টিৰ এগৰাকী প্ৰতিভাৱান কন্যা, পৰ্বতাৰোহী বলজিৎ কৌৰৰ মৃত্যুৰ খবৰ পাই তেওঁ অত্যন্ত দুখ পাইছে ৷ বলজিতৰ লগতে আন দুজন পৰ্বতাৰোহীৰ মৃত্যুৰ খবৰও চৰ্চালৈ আহিছে ৷ অৱশ্যে সেয়া এতিয়াও নিশ্চিত হোৱা নাই (Mountaineer Baljit Kaur) ৷
এমাহতকৈও কম সময়ৰ ভিতৰত 8000 মিটাৰ দৈৰ্ঘৰ চাৰিটা শৃংগ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল বলজিৎ কৌৰ ৷ 2016 চনত মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ গৈছিল তেওঁ ৷ সেই সময়ত অতিৰিক্ত অক্সিজেন মাস্কৰ অভাৱত 300 মিটাৰ পিছৰ পৰা বলজিত উভতি আহিছিল যদিও 6 বছৰৰ কষ্টৰ অন্তত এতিয়া পুনৰ বলজিৎ কৌৰে এই সফলতা অৰ্জন কৰিছিল ৷ 2022 চনৰ 28 এপ্ৰিলত বলজিত কৌৰে 8091 মিটাৰ উচ্চতাৰ অন্নপূৰ্ণা পৰ্বত জয় কৰাৰ বিপৰীতে 2022 চনৰ 12 মে’ত বলজিতে 8566 মিটাৰ উচ্চতাৰ কাঞ্চনজংঘা পৰ্বত জয় কৰে (Mountaineer Baljit Kaur Died) ৷
উল্লেখযোগ্য যে, বলজিৎ প্ৰথমগৰাকী ভাৰতীয় মহিলা, যিয়ে 7161 মগটাৰ উচ্চতাৰ পুমোৰী শৃংগ জয় কৰাৰ গৌৰৱ লাভ কৰিছিল ৷ পুমোৰী শৃংগ জয় কৰাৰ পিচত বলজিতে কৈছিল যে তেওঁ এতিয়া থমকি ৰ'ব নোৱাৰে আৰু অহা বছৰ তেওঁ এভাৰেষ্টত ত্ৰিৰংগ উত্তোলন কৰিব ৷ কেইবছৰমান আগতে সোলন মহাবিদ্যালয়ত এন চি চিত থকাৰ সময়ত এভাৰেষ্টলৈ যোৱা অভিযানৰ অংশ হৈ পৰিছিল যদিও সেই সময়ছোৱাত অক্সিজেন মাস্কৰ বিজুতিৰ বাবে বলজিৎ কৌৰে অভিযান মাজ বাটতে এৰি উভতিবলগা হৈছিল ৷ বলজিতে সোলন কলেজত শিক্ষা গ্ৰহণ কৰিছিল আৰু এই সময়ছোৱাত বলজিতে এন চি চিৰ শ্ৰেষ্ঠ কেডেট হিচাপে নিজৰ নাম উজলাইছিল ৷