ETV Bharat / bharat

যমুনা নৈৰ বুকুলৈ মাতৃয়ে দলিয়ালে সদ্যোজাত সন্তান

author img

By

Published : May 7, 2021, 11:02 AM IST

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এটা জঘন্য কাণ্ড । নিষ্ঠুৰ হৃদয়ৰ মাতৃৰ দানবীয় কাণ্ডই কালিমা সানিলে মাতৃৰ মমতাত । তৃতীয় লিংগৰ সন্তান জন্ম হোৱাৰ বাবেই সদ্যজাত শিশুক নৈত উটুৱাই দিয়ে মাতৃয়ে ।

Mother leaves newborn in Yamuna river for being transgender
নৈত উটুৱাই দিলে সদ্যজাত শিশু

নেশ্যনেল ডেস্ক, ৭ মে': এগৰাকী পাষাণ হৃদয়ৰ মাতৃৰ জঘন্য কাণ্ডই লজ্জানত কৰিছে নাৰী সমাজক । নিৰ্দয় মাতৃৰ জঘন্য কাণ্ডই কঁপাই তুলিলে সমগ্ৰ উত্তৰ প্ৰদেশ । ৰাজ্যখনৰ মথুৰাৰ এগৰাকী মাতৃয়ে মাতৃস্নেহৰ সকলো বান্ধোন পাহৰি নিজৰ সদ্যোজাত সন্তানক দলিয়ালে যমুনা নদীত ।

ঘটনাৰ বিৱৰণী মতে, মথুৰাৰ বৃন্দাবন আৰক্ষী থানাৰ অন্তৰ্গত চামুণ্ডা ঘাটত এটা পাত্ৰত সদ্যজাত শিশু এটি ওপঙি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে । নৱজাতক শিশুটি এইদৰে ওপঙি থকাত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে । ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰে আৰু চাইল্ড লাইনৰ সহযোগত জিলা চিকিৎসালয়লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

চিকিৎসাৰ অন্তত ধৰা পৰিছিল যে শিশুটি তৃতীয় লিংগৰ । যাৰ ফলস্বৰূপে নিষ্ঠুৰ হৃদয়ৰ মাতৃয়ে মাতৃস্নেহৰ সকলো বান্ধোন পাহৰি নিজ সন্তানক যমুনা নদীত উটুৱাই দিয়ে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । সম্প্ৰতি শিশুটিৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ বুলি চিকিৎসকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ২০২১ৰ নিৰ্বাচন: অস্তিত্ব আৰু সুৰক্ষাৰ বাবে ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.