নিউজ ডেস্ক, 5 আগষ্ট : বেংগালুৰুত এগৰাকী মাতৃয়ে নিজৰ 5 বছৰীয়া সন্তানক ঘৰৰ ছাদৰ পৰা দলিয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে(Mother killed her child in Bengaluru) ৷ বেংগালুৰুৰ চাম্পাংগী ৰাম নগৰৰ অদ্বিত এপাৰ্টমেণ্টত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা(Mother Throws child from 4th floor) । মহিলাগৰাকীয়ে নিজৰ সন্তানটোক হত্যা কৰাৰ পাছত নিজেও বিল্ডিঙৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ চেষ্টা চলায় যদিও প্ৰতিবেশীৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে তেওঁৰ ৷
এই সমগ্ৰ ঘটনা বন্দী হৈছিল চিচিটিভিত ৷ জানিব পৰা মতে অভিযুক্ত মাতৃগৰাকী দন্ত চিকিৎসক আৰু পিতৃ এটা ব্যক্তিগত কোম্পানীৰ অভিযন্তা । শিশুটি বিশেষভাৱে সক্ষম হোৱাৰ বাবেই মাতৃয়ে হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷ ইয়াৰ পূৰ্বেও মহিলাগৰাকীয়ে শিশুটিক ৰেল ষ্টেচনত এৰি আহিছিল যদিও পিতৃয়ে শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
শিশুটিক স্থানীয় লোকে ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত শিশুটিৰ মৃত্যু হয় ৷ সম্প্ৰতি চাম্পাংগীৰ ৰামনগৰ আৰক্ষীয়ে অভিযুক্ত মাতৃগৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : Tripura CM Delhi visit : প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে দিল্লীলৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী