ETV Bharat / bharat

যোগীক শিৰচ্ছেদ কৰিব পাৰিলে দুই কোটি টকাৰ পুৰস্কাৰ ঘোষণা

author img

By

Published : Aug 21, 2022, 7:10 PM IST

Updated : Aug 21, 2022, 8:25 PM IST

মুখ্যমন্ত্ৰী যোগীক শিৰচ্ছেদ কৰা ব্যক্তিক দুই কোটি টকাৰ পুৰস্কাৰৰ ঘোষণা ৷ মোৰাদাবাদ আৰক্ষীৰ নামত ভুৱা ফেচবুক একাউন্ট খুলি কোনো দুস্কৃতিকাৰীয়ে কৰিছিল এই পোষ্ট (Moradabad Police Fake Facebook Page) ৷ এই পোষ্টৰ পিছতে সামাজিক মাধ্যমত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

MORADABAD POLICE FAKE FACEBOOK PAGE ANNOUNCED A REWARD OF TWO CRORES TO WHO BEHEADED CM YOGI
মুখ্যমন্ত্ৰী যোগীক শিৰচ্ছচেদ কৰা ব্যক্তিক দুই কোটি টকাৰ পুৰস্কাৰৰ ঘোষনা

নেশ্যনেল ডেস্ক, 21 আগষ্ট: উত্তৰ প্ৰদেশৰ মোৰাদাবাদ পুলিচৰ নামত ভুৱা ফেচবুক একাউন্ট (Moradabad Police Fake Facebook Page)। ফেচবুক একাউন্টটোত লগাইছিল পাকিস্তানৰ পতাকা ৷ এই ফেচবুক একাউন্টটোৰ জৰিয়তে কৰা হৈছিল এটা পোষ্ট ৷ যি পোষ্টে এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যম ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰা হৈছিল এই পোষ্ট (UP CM Yogi Adityanath) ৷

পোষ্টটোত লিখিছিল "মুখ্যমন্ত্ৰী যোগীৰ শিৰচ্ছেদ কৰা ব্যক্তিজনক দুই কোটি টকাৰ পুৰস্কাৰৰ দিয়া হ’ব"। টুইটাৰৰ জৰিয়তে মোৰাদাবাদ আৰক্ষীক এই সন্দৰ্ভত অভিযোগ কৰিছিল আয়ুষী মহেশ্বৰী নামৰ এগৰাকী মহিলাই । ইয়াৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত । আত্মপ্ৰকাশ পণ্ডিতৰ নামৰ লোকজনৰ নামত আছিল এই একাউণ্টটো । এই একাউণ্টটো কোনো দুস্কৃতিকাৰীয়ে হেক কৰি অপব্যৱহাৰ কৰিছে বুলি আৰক্ষীয়ে এজাহাৰ লাভ কৰে । মোৰাদাবাদ চাইবাৰ চেলে ইতিমধ্যে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে (Reward of two Crores who beheaded CM Yogi)।

উল্লেখ্য যে, ভাৰতীয় জনতা মজদুৰ সংঘৰ মহিলা কোষৰ ৰাজ্যিক সভানেত্ৰী আয়ুষী মহেশ্বৰীয়ে যেতিয়া আত্মপ্ৰকাশ পণ্ডিত নামৰ ব্যক্তিগৰাকীৰ ফেচবুক একাউণ্টটো চেক কৰিছিল, তেতিয়া সেই একাউন্টটোত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ফটো, পাকিস্তানৰ পতাকা, মোৰাদাবাদ জিলা দণ্ডাধীশৰ ফটো আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ মূৰ কাটি দিয়া ব্যক্তিজনক ২ কোটি টকাৰ পুৰস্কাৰ দিয়াৰ কথা কোৱা পোষ্টটো পাইছিল । ১৮ আগষ্টত মোৰাদাবাদ আৰক্ষীয়ে মোৰাদাবাদ চাইবাৰ চেলৰ সহায় লৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছিল ।

আৰক্ষী অধীক্ষক অখিলেশ ভদৌৰিয়াই জনোৱা মতে, উক্ত একাউন্টটো ভুৱা । চাইবাৰ চেলে এই সমগ্ৰ বিষয়টোৰ বিষয়ে তদন্তত অব্যাহত ৰাখিছে । যিজন ব্যক্তিৰ একাউণ্ট হেক কৰিছে তেওঁ আৰক্ষীক অভিযোগ কৰিছে ৷ ইতিমধ্যে ফেচবুক একাউণ্টটো বন্ধ কৰিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক: মহিলা অধিবক্তাই সুৰক্ষা কৰ্মীক মুকলিকৈ অপদস্ত কৰাৰ ভিডিঅ' ভাইৰেল

Last Updated : Aug 21, 2022, 8:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.