ETV Bharat / bharat

Monsoon session of Parliament : ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

author img

By

Published : Jul 1, 2023, 3:58 PM IST

২০ জুলাইৰ পৰা ১১ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে । মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই ঘোষণা কৰিছে । নতুন সংসদ ভৱনৰ এইখন হ'ব প্ৰথম অধিৱেশন ।

Monsoon session of Parliament
২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

নেশ্যনেল ডেস্ক,১ জুলাই : অহা ২০ জুলাইৰ পৰা ১১ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত হ'ব । দিল্লীৰ নতুন সংসদ ভৱনত অনুষ্ঠিত হ'ব এই অধিৱেশন । নতুন সংসদ ভৱনত এয়া হ'ব প্ৰথমটো অধিৱেশন । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শনিবাৰে এই কথা ঘোষণা কৰে । ২৮ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল এই নতুন সংসদ ভৱনটো । সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সকলো দলক অধিৱেশনৰ যাৱতীয় প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ।

প্ৰহ্লাদ যোশীয়ে লগতে কয় যে বৰ্ষাকালীন অধিৱেশন ২৩ দিন ধৰি চলিব । য'ত ১৭ খন বৈঠক অনুষ্ঠিত হ'ব । যি সময়ত পাটনাত দেশৰ ১৭ টা বিৰোধী দল একত্ৰিত হৈছে আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ বাবে সাজু হৈছে । তেনে সময়তে নতুন সংসদ ভৱনৰ প্ৰথমখন অধিৱেশন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ বাবে এক শক্তিশালী প্ৰত্যাহ্বান জনোৱাৰ সময়তে সংসদৰ এই অধিৱেশন অনুষ্ঠিত হ'ব । সূত্ৰৰ মতে পুৰণি সংসদ ভৱনতে বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব আৰু পাছত নতুন ভৱনলৈ লৈ যোৱা হ'ব বুলি আশা কৰা হৈছে । অধিৱেশনৰ সময়ত, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন শাসকীয় দলটোৱে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) অধ্যাদেশৰ সলনি এখন বিধেয়ক অনাৰ সম্ভাৱনা আছে । ইফালে ইয়াৰ পূৰ্বে অধ্যাদেশটো উচ্চতম ন্যায়ালয়ে এক আদেশযোগে কাৰ্যকৰীভাৱে বাতিল কৰিছিল ।

অধিৱেশনৰ সময়ত বিৰোধীয়ে কেজৰিৱালক এই অধ্যাদেশৰ বিৰুদ্ধে সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে । অৱশ্যে নতুন সংসদ ভৱনত চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ স্থিতি কেনে হয় সেয়াহে লক্ষণীয় হ'ব । কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদন লাভ কৰা ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন বিধেয়কখনো অধিৱেশনত উত্থাপন কৰাৰ সম্ভাৱনা আছে । ইফালে কেইবাখনো গুৰুত্ব বিধেয়ক উত্থাপন কৰাৰো সম্ভাৱনা আছে ।

লগতে পঢ়ক :PM Modi to visit Telangana : ৮ জুলাইত তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.