আজিকালি মোমো প্ৰতিটো গলি আৰু প্ৰতিটো কোণত ৰাজপথৰ খাদ্যৰ জীৱন হৈ পৰিছে । ইয়াৰ সোৱাদ নোলোৱাকৈ প্ৰায় কোনোৱেই জীয়াই থাকিব পাৰিলেহেঁতেন । শাক-পাচলি, পনীৰ আৰু চিকেনৰ বাহিৰেও টেঙা চাটনিৰ সৈতে বজাৰত উপলব্ধ বহু ধৰণৰ মোমো খাবলৈ সকলোৱে ভাল পায় ।
যদি বাৰিষাত গৰম মমো উপলব্ধ হয়, তেন্তে এই বতৰৰ আনন্দ দুগুণ হয় ৷ কিন্তু তৈয়াৰ কৰাৰ বাবে বহু সময়ৰ প্ৰয়োজন হয় সেয়ে আজি আমি জনপ্ৰিয় শ্বেফ তথা এই বৰ্ষৰ MasterChef India 2023ৰ বিজয়ী নয়নজ্যোতি শইকীয়াৰ পৰা জানিম যে কিদৰে আমি অতি সহজে ঘৰতে কম সময়ৰ ভিতৰত সোৱাদযুক্ত মোমো তৈয়াৰ কৰিব পৰা যায় ৷
নয়নজ্যোতিয়ে ইনষ্টাগ্ৰামযোগে প্ৰায়েই বিভিন্ন ৰেচিপি শ্বেয়াৰ কৰি থাকে শেহতীয়াকৈ তেওঁ Potsticker dumpling নামেৰে এটি ৰেচিপি শ্বেয়াৰ কৰে য’ত তেওঁ অতি সহজে Potsticker Dumpling তৈয়াৰ কৰিছে
ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ’ব
• ২ কাপ আটা
• আধা কাপ পানী
• এচিকুট নিমখ
• ১ চামুচ গাহৰিৰ চৰ্বি বা মাখন
* ষ্টাফিঙৰ বাবে
• ২০০ গ্ৰাম গুৰা কৰা কুকুৰা মাংস
• ১০০ গ্ৰাম মিহিকৈ কটা কবি
• আধা কাপ কটা ৰঙা পিয়াঁজ
• ১চামুচ মিহিকৈ কাটি লোৱা নহৰু
• ১ চামুচ মিহিকৈ কটা আদা
• আধা কাপ কটা বিলাহী
• ১ চামুচ চয়া চচ
• ২ চামুচ অইষ্টাৰ চচ
• ১ চামুচ কটা ধনীয়াৰ পাত
• নিমখ (সোৱাদ অনুসৰি)
চাওক কিদৰে নয়নজ্যোতি শইকীয়াই ঘৰতে অতি সহজে তৈয়াৰ কৰিব পৰা সুস্বাদু মোমোৰ ৰেচিপি শ্বেয়াৰ কৰিছে-