নিউজ ডেস্ক,১৩ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেওবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হ'ব কেৰালাৰ কোচিত । তাত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কেইবাটাও নতুন প্ৰকল্প শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । মোডীয়ে দুপৰীয়া তামিলনাডুৰ পৰা কেৰালালৈ যাব আৰু সন্ধিয়া প্ৰায় ৬ মান বজাত দিল্লী অভিমূখে ৰাওনা হ'ব । কেন্দ্ৰীয় মন্ত্ৰী মনসুখ এল মাণ্ডাভিয়া, কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰনো উপস্থিত থাকিব অনুষ্ঠানত ।
প্ৰকল্পসমূহৰ ভিতৰত সাগৰিকা শীৰ্ষক বিপিচিএলৰ ৬ হাজাৰ কোটি টকাৰ প্ৰপাইলিন ডেৰিভেটিভছ পেট্ৰ'কেমিকেল প্ৰকল্প ,২৫ কোটি টকাৰ কোচিন পোৰ্টৰ আন্তৰ্জাতিক ক্ৰুজ টাৰ্মিনেল, কোচিন পোৰ্টৰ দক্ষিণ কয়লা বাৰ্থৰ পুন:গঠনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কোচিন ছিপয়াৰ্ড লিমিটেডৰ বিজ্ঞান সাগৰ নামৰ এক নতুন জ্ঞান কেন্দ্ৰ আছে ।
ইফালে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য় ৰাখি অনুষ্ঠানত ৰাজ্যখনৰ দলৰ শীৰ্ষ নেতাসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে অসম,পশ্চিমবংগ ,তামিলনাডু আৰু কেৰালাৰ নিৰ্বাচন অহাৰ লগে লগে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকলে কেবিনেট সম্প্ৰসাৰণৰ কথাও চিন্তা কৰি আছে । মোডী কেবিনেটত যিহেতু কেৰালাৰ একমাত্ৰ মুৰলীধৰনে আছে সেয়ে পশ্চিমবংগ অথবা অসমৰ পৰিৱৰ্তে কেৰালাৰ এজনক কেবিনেটত স্থান দিয়াৰ কথাও আশা কৰি আছে ৰাজ্যখনৰ শীৰ্ষ নেতৃত্বই ।
লগতে পঢ়ক:উত্তৰাখণ্ড ভ্ৰমণ অজিত দোভালৰ