ETV Bharat / bharat

BJP targets South India : বিজেপিৰ লক্ষ্য দাক্ষিণাত্য; একেদিনাই দুখন ৰাজ্যলৈ শীৰ্ষ নেতৃত্বৰ ভ্ৰমণ - Modi and Shah bound for south ahead polls

কৰ্ণাটক আৰু তেলেংগানাত এই বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব (Upcoming election in South India)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দেওবাৰে দক্ষিণ ভাৰতৰ এই দুখন ৰাজ্যত নিৰ্বাচনকেন্দ্ৰিক ভ্ৰমণ কৰিব । উৎফুল্লিত বিজেপি নেতা-কৰ্মী ।

BJP targets South India
বিজেপিৰ লক্ষ্য দাক্ষিণাত্য
author img

By

Published : Mar 12, 2023, 1:40 PM IST

নেশ্যনেল ডেস্ক,১২ মাৰ্চ : এই বছৰতে দক্ষিণ ভাৰতৰ দুখন ৰাজ্য ক্ৰমে কৰ্ণাটক আৰু তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব (Assembly election in 2023)। কৰ্ণাটকত অহা মে' মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব যদিও তেলেংগানাৰ নিৰ্বাচনৰ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে (Karnataka election 2023)। দক্ষিণ ভাৰতৰ এই দুয়োখন ৰাজ্যৰ ওপৰত এতিয়া দৃষ্টি ৰাখিছে বিজেপিয়ে । যিকোনো প্ৰকাৰে কৰ্ণাটকৰ লগতে তেলেংগানাতো বিজেপি চৰকাৰ গঠন কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে ।

ইয়াৰ অংশস্বৰপে দেওবাৰে কৰ্ণাটকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi Karnataka visits) আৰু তেলেংগানালৈ গৃহ মন্ত্ৰী অমিত শ্বাহ ৰাওনা হ'ব (Amit Shah Telangana tour)। দুয়োগৰাকী নেতাই দুয়োখন নিৰ্বাচনমুখী ৰাজ্যৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । যাক লৈ কৰ্ণাটক আৰু তেলেংগানা বিজেপিয়ে ব্যাপক প্ৰস্তুতি চলাইছে । এই ভ্ৰমণক লৈ ৰাজ্যিক বিজেপিৰ নেতা-কৰ্মীসকলো যথেষ্ট উৎসাহিত হৈ আছে (Modi and Shah bound for south ahead polls)।

ৰাজনৈতিক বিশ্লেষকসকলে কোৱা মতে দক্ষিণমুখী মোডী-শ্বাহে নিশ্চিতভাৱে শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলত আৰু যোৱা বছৰ গুজৰাটত তেওঁলোকৰ দলে অৰ্জন কৰা নিৰ্বাচনী লাভৰ পুনৰাবৃত্তি কৰাৰ লক্ষ্য আগত ৰাখিছে । কৰ্ণাটক আৰু তেলেংগানা দুয়োখন ৰাজ্যতে এই বছৰৰ নিৰ্বাচনত গেৰুৱা ব্ৰিগেডৰ বাবে এক কঠিন পৰীক্ষা হ'ব । ভাৰত জোড়ো যাত্ৰাৰ পাছত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ নেতা-কৰ্মীসকলে দক্ষিণৰ দুয়োখন ৰাজ্যত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই দিয়াৰ বাবে এক নতুন উৎসাহেৰে কাম কৰিছে ।

কংগ্ৰেছৰ বাবে এই বছৰৰ আগন্তুক বিধানসভা নিৰ্বাচন হ'ব অতি গুৰুত্বপূৰ্ণ । ইতিমধ্যে, দলটোৱে অন্ধ্ৰ প্ৰদেশত ২০১৯ ৰ বিধানসভা নিৰ্বাচনত এক শতাংশতকৈও কম ভোট লাভ কৰিছে (AP elections results 2019)। ইফালে তামিলনাডুত দলটোৰ অৱস্থা অতি বেয়া আৰু কেৰালাতো কংগ্ৰেছ ভেটি প্ৰায় হেৰুৱাইছে । কেৱল কৰ্ণাটক আৰু তেলেংগানাত, কংগ্ৰেছে দক্ষিণ ভাৰতত প্ৰতিদ্বন্দীসকলৰ মুখামুখি হোৱাৰ বাবে যথেষ্ট শক্তি দেখুৱাব বুলি আশা কৰা হৈছে ।

আনহাতে, জয়াললিতাৰ মৃত্যুৰ পাছত এআইএডিএমকেত নেতৃত্বৰ মাজত সংঘাতৰ সুযোগ লৈ বিজেপিয়ে তামিলনাডুত ভেটি শক্তিশালী কৰাৰ প্ৰচেষ্টা চলাই আছে । কেৰালাৰ সাম্যবাদী দুৰ্গত শক্তি লাভৰো লক্ষ্য আগত ৰাখিছে । আঞ্চলিক দলৰ উত্থানৰ বাবে গেৰুৱা দলটোৱে অন্ধ্ৰপ্ৰদেশত দখল হেৰুৱাইছে ।

লগতে পঢ়ক :Karnataka Polls : কৰ্ণাটকত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব প্ৰায় ১৬ হাজাৰ কোটি টকাৰ প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.