ETV Bharat / bharat

Manipur incident : মণিপুৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰীৰ

মণিপুৰৰ কন্যাসকলৰ সৈতে যি ঘটনা সংঘটিত হৈছে সেয়া ক্ষমাৰ যোগ্য নহয় । সংবাদমাধ্যমৰ সন্মুখত ঘটনাৰ সৈতে জড়িতসকলক সকীয়নি প্ৰদান প্ৰধানমন্ত্ৰীৰ । সকলো মুখ্যমন্ত্ৰীকে নিজ নিজ ৰাজ্যত আইন ব্যৱস্থা কঠোৰ কৰাৰ আহ্বান ।

author img

By

Published : Jul 20, 2023, 11:55 AM IST

Manipur incident
মণিপুৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ২০ জুলাই : "মণিপুৰৰ ঘটনা সমগ্ৰ দেশৰে সভ্য সমাজক লজ্জানত কৰিছে ।" এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰি মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

মণিপুৰত কুকি সম্প্ৰদায়ৰ মহিলাক উলংগ কৰি সমদল কৰা দৃশ্য পোহৰলৈ অহাৰ পাছতে সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ দানৱৰূপী লোকে দলবদ্ধ ধৰ্ষণ কৰি তেনেদৰে উলংগ মহিলাক লৈ সমদল কৰা দৃশ্য দেশবাসীক হতবাক কৰি তুলিছে । দীৰ্ঘদিন ধৰি চলি থকা সংঘৰ্ষক দমন কৰিব নোৱৰা কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৱশেষত মুখ খুলিছে ।

শান্তি স্থাপনত ব্যৰ্থ প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে তেওঁ এই সময়ত দুখ আৰু খঙেৰে ভৰি থকা এক মণিপুৰক দেখিছে । মণিপুৰৰ ঘটনাটো কেৱল লজ্জাজনক নহয় ই সভ্যতাৰ নীতিৰ সম্পূৰ্ণ বিপৰীত বুলিও তেওঁ দাবী কৰে । কেইজনমান ব্যক্তিৰ কাৰ্যকলাপে কেৱল নিজকে নহয় সমগ্ৰ দেশৰ সুনাম কলুষিত কৰিছে আৰু যাৰ ফলত ১৪০ কোটি লোক হতাশ হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে ।

সেয়েহে দেশৰ সকলো মুখ্যমন্ত্ৰীকে তেওঁলোকৰ নিজ নিজ ৰাজ্যত কঠোৰ আইন-শৃংখলা বলবৎ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনাইছে যাতে এনে ধৰণৰ জঘন্য অপৰাধৰ পুনৰাবৃত্তি কেতিয়াও নহয় । বিশেষকৈ দেশৰ মাতৃ আৰু কন্যাসকলৰ সুৰক্ষা আৰু মৰ্যাদাৰ বিষয়ে চিন্তা কৰা উচিত । তেওঁৰ মতে এই বিষয়টোক লৈ ৰাজনৈতিক মহলত বিতৰ্ক হ'ব পাৰে ছ কিন্তু সকলোৱে একত্ৰিত হ'ব লাগিব আৰু ন্যায় ৰক্ষা কৰাটো নিশ্চিত কৰিবলৈ নিৰ্ণায়ক পদক্ষেপ ল'ব লাগিব বুলিও তেওঁ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে আশ্বাস দিছে যে এনে অপৰাধৰ সৈতে জড়িত কোনেও আইনৰ দৃষ্টিত ৰেহাই নাপাব । তেওঁৰ মতে ন্যায়ৰ মূল্যবোধ বজাই ৰখা আৰু সমাজৰ দুৰ্বল শ্ৰেণীক সুৰক্ষা দিয়াটো সামূহিক দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে । ইফালে সকলোৰে বাবে এক সুৰক্ষিত আৰু অধিক সহানুভূতিশীল ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ একেলগে কাম কৰিবলৈও তেওঁ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে আহি থকা সংসদৰ অধিৱেশন সম্পৰ্কেও মন্তব্য কৰে । চৰকাৰে আনিবলগীয়া কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সম্পৰ্কেও তেওঁ মন্তব্য কৰে । তেওঁ নিশ্চিত যে সকলো সাংসদে একেলগে সৰ্বাধিক জনসাধাৰণৰ কল্যাণৰ বাবে চেষ্টা কৰিব আৰু সাংসদ হিচাপে তেওঁলোকৰ দায়িত্ব পালন কৰিব ।

লগতে পঢ়ক :Kuki woman raped: বৰ্বৰতাৰ চৰম সীমা; মণিপুৰত কুকি মহিলাক দলবদ্ধ ধৰ্ষণ কৰি বিশাল সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.