ETV Bharat / bharat

উত্তৰ-পূৱৰ উন্নয়নৰ বাবে মোডী চৰকাৰে বিশেষ গুৰুত্ব দিছে : সৰ্বানন্দ সোণোৱাল - Modi govt has paid special attention to develop northeast

ৰাজ্যসভাত উত্তৰ-পূৱ অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ কাম-কাজৰ ওপৰত এক বিশেষ আলোচনা হয় (Discussion on the working of DoNER Ministry in Rajya Sabha) । এই আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৱৰ উন্নয়ন সম্পৰ্কে ভাষণ দিয়ে । তেওঁৰ মতে, বিগত ৭ বছৰত উত্তৰ-পূৱত মোডী চৰকাৰৰ নেতৃত্বত যথেষ্ট উন্নয়ন হৈছে ।

Rajya Sabha
সৰ্বানন্দ সোণোৱাল
author img

By

Published : Mar 15, 2022, 1:58 PM IST

নেশ্যনেল ডেস্ক, ১৫ মাৰ্চ : সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় অংশ (Parliament Budget Session second part)। অধিৱেশনৰ মাজতে সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৱৰ উন্নয়ন সম্পৰ্কে বিশেষ মন্তব্য কৰা দেখা গ'ল ।

সদনত তেওঁ উল্লেখ কৰা মতে, বিকাশ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত উত্তৰ-পূৱ এতিয়া দেশৰ বাকী অংশতকৈ পিছপৰি থকা নাই । নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে যোৱা সাতটা বছৰত এই অঞ্চলটোৰ উন্নয়নৰ প্ৰতি বিশেষ মনোযোগ দিছে (Modi led government has paid special attention to Northeast) বুলি সোণোৱালে সদৰী কৰে ।

ৰাজ্যসভাত উত্তৰ-পূৱ অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ কাম-কাজ সন্দৰ্ভত এক আলোচনাত (Discussion on the working of DoNER Ministry in Rajya Sabha) অংশগ্ৰহণ কৰি জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে ।

তেওঁৰ মতে, মোডী চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিছে ৷ পূৰ্বৰ চৰকাৰসমূহে কেৱল প্ৰতিশ্ৰুতিহে দিছিল । যোৱা সাত বছৰত অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে, যাৰ ফলত অৰ্থনৈতিক কাম-কাজ বৃদ্ধি পাইছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে মোডী আৰু অমিত শ্বাহে অঞ্চলটোত শান্তি স্থাপনৰ বাবে সুদৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে । যাৰ বাবে বিনিয়োগকাৰীসকলে এতিয়া অঞ্চলটোত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে ।

বিজেপি চৰকাৰক প্ৰশংসা (Minister Sarbananda Sonowal praised central government) কৰি তেওঁ কয় যে, যোৱা কেইটামান বছৰত অঞ্চলটোত বিভিন্ন পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে । কিয়নো কেন্দ্ৰীয় চৰকাৰে পৰিবহণ, যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে ।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, মোডী নেতৃত্বাধীন চৰকাৰে দলং নিৰ্মাণ কৰিছে আৰু শীৰ্ষ পৰ্যায়ৰ ৰে'ল প্ৰকল্প হাতত লৈছে । কেৱল এয়াই নহয় প্ৰধানমন্ত্ৰী মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলক উত্তৰ-পূৱ অঞ্চল পৰিদৰ্শন কৰিবলৈ আৰু বিভিন্ন কল্যাণমূলক কাৰ্যসূচী ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতে শিক্ষাৰ্থী আৰু কৃষককে ধৰি সমাজৰ প্ৰতিটো শ্ৰেণী উপকৃত হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টোৰ আলোচনাত এনচিপি দলৰ সাংসদ প্ৰফুল্ল পেটেল, টিডিপিৰ সাংসদ কে ৰবীন্দ্ৰ কুমাৰ, টিএমচিৰ সাংসদ শান্তনু সেন, বিজেডিৰ সাংসদ অমৰ পাটনায়ক আৰু বিজেপিৰ নাবাম ৰেবিয়ায়েও অংশগ্ৰহণ কৰে । এনচিপিৰ প্ৰফুল্ল পেটেলে অঞ্চলটোত ব্যৱসায় বৃদ্ধিৰ বাবে উদ্যোগসমূহ স্থাপনৰ পোষকতা কৰে । লগতে ফিফা অনুমোদিত ফুটবল ষ্টেডিয়াম নিৰ্মাণৰ বাবেও আহ্বান জনায় ।

লগতে পঢ়ক : বিধানসভাত খং উঠিল নীতিশ কুমাৰৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.