ETV Bharat / bharat

Modi's Hindu Bharat Vs secular INDIA : আগন্তুক নিৰ্বাচন সম্পৰ্কীয় কেইবাটাও প্ৰশ্নৰ উত্তৰ দিব এখন গ্ৰন্থই

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 4:49 PM IST

অহা বছৰ দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব । তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিব নে ? বিৰোধীৰ স্থিতি কৰি হ'ব ? সাংবাদিক তথা লেখক ৰাহুল শিৱশংকৰ আৰু সিদ্ধাৰ্থ তালিয়াৰ এখন বিশেষ গ্ৰন্থই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিব ।

Modis Hindu Bharat Vs secular INDIA
আগন্তুক নিৰ্বাচন সম্পৰ্কীয় কেইবাটাও প্ৰশ্নৰ উত্তৰ দিব এখন গ্ৰন্থই

নেশ্যনেল ডেস্ক,১৫ অক্টোবৰ : ২০২৪ চনৰ নিৰ্বাচন বিজেপি আৰু ভাৰতৰ বাবে ২০১৪ চনৰ দৰে ফলপ্ৰসূ হ'বনে ? নে বিৰোধী মিত্ৰজোঁট INDIA ব্লকে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাক ম্লান পেলাব ? এইবোৰ প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছে, "মোডী আৰু ভাৰত: ২০২৪ আৰু ভাৰতৰ বাবে যুদ্ধ" শীৰ্ষ গ্ৰন্থখনে ।

সাংবাদিক তথা লেখক ৰাহুল শিৱশংকৰ আৰু সিদ্ধাৰ্থ তালিয়াই লিখা আৰু পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়া (পিআৰএইচআই)ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন ৬ নৱেম্বৰত উন্মোচন কৰাৰ সম্ভাৱনা আছে । ২০১৪ চনত মোডীৰ নেতৃত্বত বিজেপিয়ে লোকসভা নিৰ্বাচনত স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল । নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ বিজয়ে প্ৰায় আঢ়ৈ দশকৰ বেছিভাগ মিত্ৰজোঁটৰ চৰকাৰৰ দৌৰৰ সমাপ্তি ঘটাইছিল ।

২০১৯ চনত বিজেপিয়ে আসনৰ সংখ্যা আৰু উন্নত কৰে । লগতে ইয়াৰ সংসদীয় সংখ্যাগৰিষ্ঠতা আৰু পৰিৱৰ্তনশীল আইন আৰু নীতিত ইন্ধন যোগায় সামৰ্থ দৃঢ় কৰে । লেখকসকলৰ মতে, মোডী নেতৃত্বাধীন এন ডি এ-য়ে গ্ৰহণ কৰা বেছিভাগ পদক্ষেপৰ উদ্দেশ্য হৈছে ভাৰতক 'বিশ্ব গুৰু' হিচাপে প্ৰতিষ্ঠা কৰা ।

অৱশ্যে, তেওঁলোকে উল্লেখ কৰিছে যে ভাৰতৰ হিন্দু নীতিৰ প্ৰতি এই পৰিৱৰ্তনে বিৰোধী আৰু বহুতো মিত্ৰ ভাষ্যকাৰক দ্বিতীয় গণৰাজ্যৰ উত্থানৰ আশংকা কৰিবলৈ প্ৰেৰিত কৰিছে । যাক এক 'হিন্দু ৰাষ্ট্ৰ' - এক অপৰিৱৰ্তনীয় 'অতি-জাতীয়তাবাদী আৰু সংখ্যাগৰিষ্ঠতাবাদী মতবাদ'ৰ অংশ বুলি কোৱা হৈছে । এনে পৰিস্থিতিত, মোডীয়ে ২০২৪ চনত তৃতীয় কাৰ্যকাল লাভ কৰি ভাৰতৰ সভ্যতাৰ উত্থানক সন্মুখত ৰাখিব নেকি বুলিও প্ৰশ্ন কৰা হৈছে । গ্ৰন্থখনে ইয়াৰ বিশ্লেষণ কৰা বুলিও দাবী কৰিছে ।

শিৱশংকৰে এক বিবৃতিত কৈছে যে তেওঁলোকৰ গ্ৰন্থখন আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ গৱেষণাভিত্তিত উত্তৰ দিব । তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল: মোডীয়ে হিন্দু ভাৰত পুনৰুদ্ধাৰ কৰাৰ বিষয়ে INDIA ব্লকৰ আশংকা ভুল নেকি ? আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে মোডীৰ বিকল্প ভাৰতৰ ধাৰণা সাংবিধানিকভাৱে যুক্তিসংগত নেকি ?

প্ৰকাশকসকলৰ মতে এই গ্ৰন্থখন উদ্দীপনামূলক, কাহিনীমূলক, তৰ্কমূলক আৰু গভীৰ গৱেষণা কৰা হৈছে । ৬৯৯ মূল্যৰ গ্ৰন্থখন অতি সোনকালেই অনলাইনত প্ৰি-অৰ্ডাৰৰ বাবে উপলব্ধ হ'ব ।

লগতে পঢ়ক : PM Narendra Modi Maadi Song Out : নৱৰাত্ৰিৰ শুভক্ষণত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্বা গীত মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.