ETV Bharat / bharat

মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ সম্পৰ্কত হোৱা অডিঅ’ ভাইৰেলৰ পাচতে প্ৰাক্তন আৰক্ষী বিষয়াৰ বাসগৃহত আক্ৰমণ মহিলাৰ - থৌনাওজাম বৃন্দা

মণিপুৰত (Manipur) গোষ্ঠী সংঘৰ্ষৰ সম্পৰ্কে অডিঅ’ ভাইৰেলৰ (Manipur crisis) পিচতে সোমবাৰে মণিপুৰৰ এগৰাকী প্ৰাক্তন মহিলা আৰক্ষী বিষয়াৰ ঘৰত আক্ৰমণ চলালে এদল প্ৰতিবাদকাৰী মহিলাই (former additional SP Thounaojam Brinda)৷

mob attacks ex woman police officers house
মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ সম্পৰ্কত হোৱা অডিঅ’ ভাইৰেলৰ পাচতে প্ৰাক্তন আৰক্ষী বিষয়াৰ বাসগৃহত আক্ৰমণ মহিলাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 11:07 AM IST

নিউজ ডেস্ক, 19 ডিচেম্বৰ : বৰ্তমানেও উমি উমি জ্বলি আছে মণিপুৰ ৷ সোমবাৰে য়াইছকুলস্থিত প্ৰাক্তন মহিলা অতিৰিক্ত আৰক্ষী অধীক্ষক থৌনাওজাম বৃন্দাৰ বাসগৃহত আক্ৰমণ কৰে এদল প্ৰতিবাদকাৰী মহিলাই ৷ কাৰণ প্ৰাক্তন মহিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বৃন্দাই ৩ মে'ত টৰবুঙত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত কিছু আপত্তিজনক মন্তব্য কৰিছিল বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদী মহিলাৰ দলটোৱে ৷

সামাজিক মাধ্যমত ভাইৰেল হোৱা সেই অডিঅ’ত প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে কৈছিলে যে, ইম্ফল উপত্যকা ভিত্তিক এটা গোটৰ সদস্যই 3 মে'ত টৰবুঙত সাধাৰণ লোকৰ ঘৰ জ্বলাই দিছিল ৷ যাৰ ফলত ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ ভাইৰেল হোৱা সেই অডিঅ’ৰ পাচতে একাংশ প্ৰতিবাদী মহিলাই সোমবাৰ প্ৰাক্তন আৰক্ষী বিষয়া বৃন্দাৰ বাসগৃহৰ আচ-বাব ভাঙি চুৰমাৰ কৰে ৷ আনহাতে, উক্ত ঘটনাৰ সময়ত ঘৰত নাছিল প্ৰাক্তন মহিলা আৰক্ষী বিষয়াজন ৷

ঘটনাৰ সন্দৰ্ভত প্ৰতিবাদকাৰী এগৰাকী মহিলাই সাংবাদিকক কয়, "3 মে'ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত থৌনাওজামে কেতিয়াও টৰবুঙলৈ যোৱা নাছিল । ঘৰ আৰু সম্পত্তি হেৰুওৱা লোকসকলৰ দুখ-কষ্ট আৰু অনুভূতিৰ প্ৰতি সম্পূৰ্ণ অৱজ্ঞা কৰি প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে।"

প্ৰতিবাদকাৰীৰ মহিলাৰ অভিযোগ যে, চুৰাচান্দপুৰ জিলাৰ এটা সশস্ত্ৰ সংগঠনৰ লোকে হিংসাত্মক ঘটনা সংঘটিত কৰিছিল। মেইটেই সম্প্ৰদায়ৰ অনুসূচীত জনজাতিৰ মৰ্যাদাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ পাহাৰীয়া জিলাসমূহত জনজাতীয় সংহতি মাৰ্চৰ আয়োজন কৰা হৈছিল ৷ ৩ মে'ত চলা উক্ত ৰেলীৰ সময়তে হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ যাৰ বাবে 180 জনৰো অধিক লোক নিহত হৈছিল বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

ইফালে, 2018 চনত প্ৰাক্তন আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে হাই প্ৰফাইল ড্ৰাগছ মাফিয়াৰ সৈতেও যোগাযোগ আছে বুলি অভিযোগ উত্থাপন হৈছিল ৷ যাৰ বাবে চান্দেল স্বায়ত্তশাসিত জিলা পৰিষদৰ তদানীন্তন অধ্যক্ষ আৰু আন সাতজনক গ্ৰেপ্তাৰ কৰা হৈছিল । ইফালে 2022 চনত জে ডি (ইউ) দলৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : কেৰালাত ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত ৰোগীৰ মৃত্যু, সতৰ্ক হ’বলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.