মিজোৰাম, 8 ডিচেম্বৰ : মিজো নেচনেল ফ্ৰণ্টে (এম এন এফ) এল.এ.ডি.চি. নিৰ্বাচনৰ ২৫ খন আসনৰ ভিতৰত ২০খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয় । ২০২০ চনৰ এল.এ.ডি.চি. নিৰ্বাচনৰ বাবে ৭২ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ ৪ ডিচেম্বৰত অনুষ্ঠিত হৈছিল লাই স্বায়িত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচন । নিৰ্বাচনত মিজো নেচনেল ফ্ৰণ্টে আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থী প্ৰদান কৰাৰ বিপৰীতে বিজেপিয়ে 17 খন, কংগ্ৰেছে 14 খন আৰু 15 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷
মঙলবাৰে বিয়লি 3:30 বজাত ঘোষণা কৰা ফলাফল অনুসৰি মিজো নেচনেল ফ্ৰণ্টে 20, কংগ্ৰেছে 1, বিজেপি 1 আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে তিনিখন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক: ত্রিপুৰাত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ