নিউজ ডেস্ক, ৩১ আগষ্ট : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকে কুকুৰৰ মাংস খায় বুলি মন্তব্য কৰি বিতৰ্কত সোমাই পৰা বিধায়ক বাচু কাডুৱে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শচীন তেণ্ডুলকাৰৰ ঘৰৰ সন্মুখত । বিধায়ক বাচু কাডুৱে মুম্বাইত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ ঘৰৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে । শচীন তেণ্ডুলকাৰে অনলাইন গেমিঙৰ প্ৰচাৰৰত জড়িত হোৱা বিষয়টোত বাচু কাডুৱে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে । আনহাতে, বান্দ্ৰা আৰক্ষী থানাত বিধায়ক কাডুৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ।
ইফালে মুম্বাই আৰক্ষীয়ে বাচু কাডুকে ধৰি প্ৰতিবাদকাৰীসকলক আটক কৰে । আনহাতে, শচীন তেণ্ডুলকাৰে ভাৰত ৰত্ন ঘূৰাই দিব লাগে বুলিও বাচু কাডুৱে দাবী কৰিছে । অৱশ্যে এই সন্দৰ্ভত তেণ্ডুলকাৰৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই । ইয়াৰ উপৰি আৰক্ষীয়ে প্ৰতিবাদকাৰী কৰ্মীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগে লগে কৰ্মীসকল অধিক আক্ৰমণাত্মক হৈ পৰে ।
কৰ্মীসকলে বান্দ্ৰা আৰক্ষী থানাৰ বাহিৰতো প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে, বাচু কাডুৰ বিৰুদ্ধেও থানাত গোচৰ ৰুজু কৰা হৈছে । উল্লেখ্য যে, প্ৰহৰ সংগঠনৰ কৰ্মীসকলে মুম্বাইত শচীন তেণ্ডুলকাৰৰ ঘৰৰ বাহিৰত এই প্ৰতিবাদ সাব্যস্ত কৰে । এই সময়ছোৱাত আৰক্ষীয়ে সংগঠনটোৰ কেইবাজনো কৰ্মীক আটক কৰি বান্দ্ৰা আৰক্ষী চকীলৈ লৈ যায় ।
তাৰ পিছতে কৰ্মীসকলে আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে । জানিব পৰা মতে, বিধায়ক বাচু কাডুৰ উপৰি প্ৰহাৰ সংগঠনৰ সভাপতিৰ বিৰুদ্ধেও বান্দ্ৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে । উল্লেখ্য যে বিধায়ক বাচু কাডুৱে সতৰ্ক কৰি দিছিল যে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে 'অনলাইন গেম'ৰ বিজ্ঞাপনৰ পৰা আঁতৰি আহিব লাগে । লগতে তেওঁ ইয়াৰ বিৰোধিতা কৰিব লাগে । নহ'লে তেওঁলোকে প্ৰতিবাদ কৰিব বুলিও সকীয়নি দিছিল । তেওঁ লগতে অভিযোগ কৰে যে এই 'অনলাইন গেম'ৰ বাবেই বহু লোকে আত্মহত্যা কৰিবলগা হৈছে । সেয়ে তেওঁ ইয়াৰ পৰা আঁতৰি আহিব লাগে ।
বিধায়ক কাডুৱে লগতে কয় যে, যদি তেণ্ডুলকাৰে বিজ্ঞাপনটো বন্ধ নকৰে তেন্তে ইয়াৰ বিৰুদ্ধে তেওঁলোকে এজন উকীল নিয়োগ কৰিব । বিধায়ক বাচু কাডুৱে এইবুলিও সতৰ্ক কৰি দিয়ে যে তেওঁ এই বিষয়ত আদালতলৈ যাব ।
বাচু কাডুৱে কয়, "শচীন তেণ্ডুলকাৰক অনুৰোধ- 'ভাৰত ৰত্ন' বঁটা লাভ কৰা শচীন তেণ্ডুলকাৰে 'অনলাইন গেম'ৰ প্ৰচাৰ কৰাটো ভুল । এই খেলৰ পৰিপ্ৰেক্ষিতত বহুতো লোকে প্ৰাণ হেৰুৱাইছে । 'ভাৰত ৰত্ন' শচীন তেণ্ডুলকাৰে এই ক্ষেত্ৰত নিজৰ স্থিতি ব্যাখ্যা কৰা উচিত । শচীন তেণ্ডুলকাৰ ভাৰতৰ গৌৰৱ ।" বাচু কাডুৱে শচীন তেণ্ডুলকাৰক 'অনলাইন গেম'ৰ বিজ্ঞাপনৰ পৰা আঁতৰি আহিবলৈ আৰু নাগৰিকসকলক হত্যা কৰা 'অনলাইন গেম' নিষিদ্ধ কৰিবলৈও অনুৰোধ জনায় ।
লগতে পঢ়ক :G20 summit preparations : জি-২০ বৈঠকৰ বাবে কি প্ৰস্তুতি কৰিছে ভাৰতে ?