ETV Bharat / bharat

ক’ভিডত আক্ৰান্ত হৈ মিজোৰামত দুজন লোকৰ মৃত্যু - সক্ৰিয় ক’ভিড ৰোগী

ক’ভিডত আক্ৰান্ত হৈ মিজোৰামত দুজন লোকৰ মৃত্যু ৷ আক্ৰান্ত লোক দুজন ক্ৰমে জে চাপজিংগা (82) আৰু লালথলামুৱানজুয়ালা (47) ৷ মিজোৰামত বৰ্তমান 1079 গৰাকী সক্ৰিয় ক’ভিড ৰোগী আছে ৷ ৰাজ্যখনত ক’ভিড পজিটিভৰ হাৰ 4.76 শতাংশ ৷ আৰোগ্যৰ হাৰ 81.83 শতাংশ ৷

mizoram-records-two-covid-19-deaths-in-a-single-day
ক’ভিডত আক্ৰান্ত হৈ মিজোৰামত দুজন লোকৰ মৃত্যু
author img

By

Published : Apr 30, 2021, 10:01 PM IST

আইজল, 30 এপ্ৰিল : ক’ভিড-19 ত আক্ৰান্ত হৈ মিজোৰামত দুজন লোকৰ মৃত্যু হৈছে ৷ শুকুৰবাৰে পুৱা 5:45 বজাত মিজোৰামৰ চাম্ফাই জিলাৰ জে চাপজিংগা নামৰ এজন 82 বছৰীয়া বৃদ্ধই ক’ভিড-19 ত আক্ৰান্ত হৈ জোৰাম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু বৰণ কৰে ৷ 28 এপ্ৰিলত লোকজনৰ দেহত ধৰা পৰিছিল ক’ভিড-19 ৰ অৱস্থিতি ৷ আনহাতে শুকুৰবাৰে পুৱা 5:45 বজাত লালথলামুৱানজুয়ালা নামৰ আন এগৰাকী 47 বছৰীয়া ব্যক্তি ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হয় ৷ 23 এপ্ৰিলত লোকজনৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ধৰা পৰাৰ পিচত 24 এপ্ৰিলত লোকজনক ভৰ্তি কৰোৱা হৈছিল জোৰাম চিকিৎসা মহাবিদ্যালয়ত ৷

29 এপ্ৰিলত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ 2937 লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰ ভিতৰত 140 জনৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ৷ ইপিনে ক’ভিডৰ দ্বিতীয় ঢৌত ৰাজ্যখনত মুঠ 6020 গৰাকীকৈ লোক ক’ভিড-19 ত আক্ৰান্ত হৈছে, ইয়াৰে 4926 গৰাকী লোক ইতিমধ্যে আৰোগ্য লাভ কৰিছে আৰু 15 গৰাকী লোকৰ মৃত্যু হৈছে ৷ মিজোৰামত বৰ্তমান 1079 গৰাকী সক্ৰিয় ক’ভিড ৰোগী আছে ৷ উল্লেখ্য যে, সম্প্ৰতি ৰাজ্যখনত ক’ভিড পজিটিভৰ হাৰ 4.76 শতাংশ বিপৰীতে আৰোগ্যৰ হাৰ 81.83 শতাংশ ৷

লগতে পঢ়ক : পুনৰ চৰ্চাত নলবাৰীৰ এগৰাকী ক’ভিড যোদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.