আইজল,4 জানুৱাৰী : মিজোৰামত 3 জানুৱাৰী তাৰিখে জোৰাম মেডিকেল কলেজৰ RT-PCR পৰীক্ষাগাৰ বন্ধ থকাৰ কাৰণে কোনো ক‘ভিড-19 ৰ ঘটনা পোহৰলৈ অহা নাই ৷ আনহাতে RAgt আৰু TrueNAT পৰীক্ষাগাৰত পৰীক্ষা কৰা কৰ‘ণাৰ নমুনাসমূহৰ ফলাফলো নিগেটিভ আহে ৷
ইফালে 20 গৰাকী কৰ‘ণাক্ৰান্ত ৰোগীক বিভিন্ন ক‘ভিড কেয়াৰ কেন্দ্ৰৰ পৰা অব্যাহতি দিয়া হৈছে ৷ ইয়াৰে 12 গৰাকী আইজলৰ,4 গৰাকী লুংগলেইৰ,দুগৰাকী চামপাই আৰু দুগৰাকী নাহথিয়ালৰ আছিল ৷ ৰাজ্যখনৰ বৰ্তমান কৰ‘ণাক্ৰান্তৰ সক্ৰিয় ৰোগীৰ সংখ্যা 68 আৰু এই পৰ্যন্ত মৃত্যু হৈছে 8 গৰাকী ক‘ভিড ৰোগীৰ ৷
লগতে পঢ়ক: হিমা দাসৰ টকিঅ’ যাত্ৰাক লৈ উৎফুল্লিত পৰিয়াল