ETV Bharat / bharat

ক’ভিড-19: মিজোৰামৰ শেহতীয়া তথ্য

author img

By

Published : May 19, 2021, 10:28 PM IST

মিজোৰামত এই পৰ্যন্ত 9252 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 30 গৰাকী লোকৰ ৷ 19 মে’ বিয়লি 5 বজালৈকে ৰাজ্যখনত 2041 গৰাকী কৰ’ণাৰ সক্ৰিয় ৰোগী থকা বুলি জানিবলৈ দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৷

Mizoram Covid update. One new death
ক’ভিড-19: মিজোৰামৰ শেহতীয়া তথ্য

আইজল, 19 মে’: সমগ্ৰ দেশৰ লগতে কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে মিজোৰামত । নিতৌ শতাধিক লোক আক্ৰান্ত হৈছে মহামাৰীত ৷ ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 9252 গৰাকীলৈ । 18 মে'ত অৰ্থাৎ দেওবাৰৰ দিনটোত নতুনকৈ 184 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনত ৷ জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত বুধবাৰে কৰ’ণাত আক্ৰান্ত এজন লোকৰ মৃত্যু হৈছে ৷

জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰটিপিচিআৰ গৱেষণাগাৰত কৰা 800 গৰাকী লোকৰ কৰ’ণা পৰীক্ষাত 82 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ ৰাজ্যখনৰ বিভিন্ন ট্ৰু এনএটি গৱেষণাগাৰত 248 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত 4 গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । আৰএজিটিৰ দ্বাৰা কৰা পৰীক্ষাত 1550 টা নমুনাৰ ভিতৰত 98 টা নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷

Mizoram Covid update. One new death
ক’ভিড-19: মিজোৰামৰ শেহতীয়া তথ্য

উল্লেখ্য যে, মিজোৰামত এই পৰ্যন্ত 9252 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 30 গৰাকী লোকৰ ৷ 19 মে’ বিয়লি 5 বজালৈকে ৰাজ্যখনত 2041 গৰাকী কৰ’ণাৰ সক্ৰিয় ৰোগী থকা বুলি জানিবলৈ দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক: বিগত ২৪ ঘণ্টাত দেশত সৰ্বাধিক মৃত্যু কৰ'ণা আক্ৰান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.