ETV Bharat / bharat

মিজোৰামত 7 জুনলৈ বৃদ্ধি লক ডাউন

author img

By

Published : Jun 1, 2021, 10:22 PM IST

মিজোৰামত এই পৰ্যন্ত 12399 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ তদুপৰি ৰাজ্যখনত এই পৰ্যন্ত 9315 গৰাকী কৰ’ণা ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 42 গৰাকী লোকৰ ৷

Mizoram Covid update, lockdown extended till June 7
মিজোৰামত 7 জুনলৈ বৃদ্ধি লক ডাউন; এই পৰ্যন্ত ক’ভিডত মৃত্যু 42 গৰাকীৰ

মিজোৰাম, 1 জুন: সমগ্ৰ দেশৰ লগতে কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে মিজোৰামত । নিতৌ শতাধিক লোক আক্ৰান্ত হৈছে মহামাৰীত ৷ ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 12,399 গৰাকীলৈ । ৰাজ্যখনত এই পৰ্যন্ত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 42 গৰাকী লোকৰ ৷ মিজোৰামৰ ৰাজ্যিক মুখপাত্ৰ ড৹ পাছুৱাও লালমালচাওমাই সদৰি কৰিছে এই তথ্য ৷

ড৹ পাছুৱাওৱে জনোৱা অনুসৰি কৰ’ণাৰ প্ৰথম ঢৌত অৰ্থাৎ 2020 চনৰ মাৰ্চ মাহৰ পৰা 2021 চনৰ মাৰ্চ মাহলৈকে মিজোৰামত 6131 লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে 11 গৰাকী লোকৰ মৃত্যু হয় ৷ আনহাতে, কৰ’ণাৰ দ্বিতীয় ঢৌত ৰাজ্যখনত ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ এই পৰ্যন্ত ৰাজ্যখনত 7923 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে 30 জন ক’ভিড ৰোগীয়ে এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৷

ইফালে ৰাজ্যখনৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ ফালে লক্ষ্য ৰাখি ৰাজ্যখনত 7 জুনলৈ লক ডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে বুলিও জানিবলৈ দিয়ে মুখপাত্ৰ গৰাকীয়ে ৷

উল্লেখ্য যে, মিজোৰামত এই পৰ্যন্ত 12399 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ তদুপৰি ৰাজ্যখনত এই পৰ্যন্ত 9315 গৰাকী কৰ’ণা ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 42 গৰাকী লোকৰ ৷

1 জুনৰ বিয়লি 5 বজালৈকে ৰাজ্যখনত 3042 গৰাকী কৰ’ণাৰ সক্ৰিয় ৰোগী থকা বুলি জানিবলৈ দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৷ মঙলবাৰৰ দিনটোত ৰাজ্যখনত 101 গৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকে আৰোগ্য লাভ কৰাত ক’ভিড কেয়াৰ চেন্টাৰৰ ঘৰলৈ যাবলৈ দিয়া হৈছে ৷

লগতে পঢ়ক: মিজোৰামৰ চিকিৎসালয়ত অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিছে 'ইউ মেটাৰে'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.