ETV Bharat / bharat

দুটা দিনত মিজোৰামত দুগৰাকী ক'ভিড ৰোগীৰ মৃত্যু - mizoram

মিজোৰামত দুটা দিনত দুগৰাকী ক'ভিড ৰোগীৰ মৃত্যুৱে সৃষ্টি কৰিছে আতংকৰ ৷ 2-3 মে'ত ৰাজ্যখনত ক'ভিডত আক্ৰান্ত দুগৰাকী ৰোগীৰ মৃত্যু ৷

mizoram covid 19 update
দুটা দিনত মিজোৰামত দুগৰাকী ক'ভিড ৰোগীৰ মৃত্যু
author img

By

Published : May 3, 2021, 10:36 PM IST

মিজোৰাম,3 মে': ক'ভিডৰ বৰ্ধিত সংক্ৰমণে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে মিজোৰামত দুটা দিনত দুগৰাকীকৈ ক'ভিড ৰোগীৰ মৃত্যু হোৱাৰ ঘটনাই ৰাজ্যবাসীৰ মনত আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ 2-3 মে'ত ৰাজ্যখনত ক'ভিডত আক্ৰান্ত দুগৰাকী ৰোগীৰ মৃত্যু ৷

2 মে'ৰ দিনটোত ৰাজ্যখনত 74 গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হয় ৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক'ভিডত আক্ৰান্ত মুঠ লোকৰ সংখ্যা 6,358 গৰাকীলৈ বৃদ্ধি পায় ৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ বিভিন্ন জিলাত অৱস্থিত TrueNAT পৰীক্ষাগাৰত মুঠ 30 টা নমুনা পৰীক্ষা কৰা হয় ৷ ইয়াৰ ভিতৰত 4 গৰাকী ক'ভিডত আক্ৰান্ত বুলি ধৰা পৰে ৷

mizoram covid 19 update
দুটা দিনত মিজোৰামত দুগৰাকী ক'ভিড ৰোগীৰ মৃত্যু

RAgT পৰীক্ষাগাৰত 1201 টা নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত 70 গৰাকী লোকৰ শৰীৰত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ৷ 2 মে'ৰ দিনটোত ৰাজ্যখনত মুঠ 1,231 টা নমুনা পৰীক্ষা কৰাৰ বিপৰীতে 3 মে'ৰ দিনটোত বিভিন্ন ক'ভিড কেয়াৰ চেণ্টাৰৰ পৰা 66 গৰাকী লোকক অব্যাহতি দিয়া হয় ৷ উল্লেখ্য যে, ৰাজ্যখনত মুঠ 5,112 গৰাকী ক'ভিডত আক্ৰান্ত লোক সুস্থ হৈ উঠাৰ পৰিৱৰ্তে 17 গৰাকী লোকে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে ৷

লগতে পঢ়ক: ক'ভিডৰ প্ৰমাণপত্ৰ অবিহনে পঞ্জাৱত প্ৰৱেশ নিষিদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.