ETV Bharat / bharat

মিজোৰামত পুনৰ 90 গৰাকী ক'ভিডত আক্ৰান্ত

দেশৰ অন্য প্ৰান্তৰ লগতে মিজোৰামতো ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৷ মঙলবাৰৰ দিনটোত ৰাজ্যখনত 90 গৰাকী লোক ক'ভিডত আক্ৰান্ত হয় ৷ আক্ৰান্ত সকলৰ 29 গৰাকী বহিঃৰাজ্যৰ উভটি অহা ৷

author img

By

Published : Apr 22, 2021, 7:56 AM IST

mizoram covid 19 update
মিজোৰামত পুনৰ 90 গৰাকী ক'ভিডত আক্ৰান্ত

মিজোৰাম, 22 এপ্ৰিল: কৰ'ণাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে মিজোৰামত পুনৰ 90 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ মঙলবাৰৰ দিনটোত ৰাজ্যখনত 90 গৰাকী লোক নতুনকৈ এই অতিমাৰীত আক্ৰান্ত হয় ৷ মঙলবাৰে আক্ৰান্ত সকলৰ 29 গৰাকী বহিঃৰাজ্যৰ উভটি আহিছিল ৷

mizoram covid 19 update
মিজোৰামত পুনৰ 90 গৰাকী ক'ভিডত আক্ৰান্ত

প্ৰাপ্ত তথ্য অনুসৰি, জ'ৰাম চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা সম্পন্ন হোৱা মুঠ 541 টা নমুনাৰ ভিতৰত 30 গৰাকী লোকৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ ৰাজ্যখনৰ বিভিন্ন জিলাৰ TrueNAT পৰীক্ষাগাৰত মুঠ 36 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হয় যদিও কোনোটো নমুনাতে ভাইৰাছৰ উপস্থিতি ধৰা নপৰে ৷ অৱশ্যে RAgT পৰীক্ষাগাৰত সম্পন্ন হোৱা 2028 নমুনাৰ পৰীক্ষণত 60 গৰাকীৰ শৰীৰত ক'ভিডৰ উপস্থিতি ধৰা পৰে ৷

জানিব পৰা মতে, আক্ৰান্ত সকলৰ 41 গৰাকীৰ শৰীৰত এই ভাইৰাছৰ সংক্ৰমণ প্ৰত্যক্ষ সংস্পৰ্শৰ বাবে হোৱাৰ পৰিৱৰ্তে 14 গৰাকীৰ সংক্ৰমণৰ কাৰণ জানিব পৰা হোৱা নাই ৷

বৰ্তমানলৈকে ৰাজ্যখনত 5085 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰে 4569 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে 504 গৰাকী বৰ্তমানেও আক্ৰান্ত হৈ আছে ৷ কৰ'ণাত আক্ৰান্ত হৈ ৰাজ্যখনত এতিয়ালৈকে মুঠ 12 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷

লগতে পঢ়ক: গুজৰাটত অক্সিজেনৰ অভাৱত ১০ গৰাকী ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.