ETV Bharat / bharat

ক’ভিড-19: মিজোৰামৰ শেহতীয়া তথ্য - Mizoram Covid-19 update

মিজোৰামত এই পৰ্যন্ত 10621 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ তদুপৰি ৰাজ্যখনত এই পৰ্যন্ত 8106 গৰাকী কৰ’ণা ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 34 গৰাকী লোকৰ ৷

Mizoram Covid-19 update, one new death
ক’ভিড-19: মিজোৰামৰ শেহতীয়া তথ্য
author img

By

Published : May 25, 2021, 9:50 PM IST

মিজোৰাম, 25 মে’: সমগ্ৰ দেশৰ লগতে কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে মিজোৰামত । নিতৌ শতাধিক লোক আক্ৰান্ত হৈছে মহামাৰীত ৷ ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 10621 গৰাকীলৈ । 24 মে'ত অৰ্থাৎ সোমবাৰৰ দিনটোত নতুনকৈ 290 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনত ৷ জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত সোমবাৰে কৰ’ণাত আক্ৰান্ত এগৰাকী আৰক্ষীৰ লোকৰ মৃত্যু হৈছে ৷

Mizoram Covid-19 update, one new death
ক’ভিড-19: মিজোৰামৰ শেহতীয়া তথ্য

জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰটিপিচিআৰ গৱেষণাগাৰত কৰা 1741 গৰাকী লোকৰ কৰ’ণা পৰীক্ষাত 87 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ ৰাজ্যখনৰ বিভিন্ন ট্ৰু এনএটি গৱেষণাগাৰত 148 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত 6 গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । আৰএজিটিৰ দ্বাৰা কৰা পৰীক্ষাত 2414 টা নমুনাৰ ভিতৰত 197 টা নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷

উল্লেখ্য যে, মিজোৰামত এই পৰ্যন্ত 10621 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ তদুপৰি ৰাজ্যখনত এই পৰ্যন্ত 8106 গৰাকী কৰ’ণা ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 34 গৰাকী লোকৰ ৷ 25 মে’ বিয়লি 5 বজালৈকে ৰাজ্যখনত 2481 টা কৰ’ণাৰ সক্ৰিয় ৰোগী থকা বুলি জানিবলৈ দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৷ মঙলবাৰৰ দিনটোত ৰাজ্যখনত 87 গৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকে আৰোগ্য লাভ কৰাত ক’ভিড কেয়াৰ চেন্টাৰৰ ঘৰলৈ যাবলৈ দিয়া হৈছে ৷

লগতে পঢ়ক: ক’ভিড-19: ভাৰতৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.